পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৯
কাকো আৰু হিয়া নিবিলাওঁ।

থাকোতে থাকোতে হাঁয়
বুকত ছবিটি নাই,
 কান্দিলে বুকুৱে হাও হাও;
অনেক বিচাৰি চালোঁ
নেপায় শপত খালোঁ
 কাকো আৰু হিয়া নিবিলাওঁ।

(৩)

মানুহে নাপায় ভাল,
ললোঁ জানি চিৰকাল,
 কিন্তু ঘূৰি ভাবিলোঁ মনত,
সকলো কি এনেকুৱা,
দেখোঁ বাৰু কেনেকুৱা,
 ভাল-পোৱা নাই নে বনত?
পুহিলোঁ ভাটৌ এটি,
গল দিন এটি দুটি,
 দিনে দিনে সিও হল বৰ;
কত দিলোঁ ধান পানী,
কত ন ন গুটি আনি,
 যোপালোঁহি আগত ঠোঁটৰ;
কিন্তু হায় কাল হল,
ভাটৌটি উৰি গল,
 বুলি তোৰ মুখকে নাচাওঁ;
ভাবি গতি নিয়তিৰ,
মনত কৰিলোঁ থিৰ,
 কাকো আৰু হিয়া নিবিলাওঁ।

(৪)

কিন্তু যে নিলাজ মন,
ভাগিও নোহে ভগন,
 তথাপিও লাগে ভাল-পোৱা,