পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫০
অসমীয়া সাহিত্যৰ চানেকি।

আশা আহি উচটাই,
কাণে কাণে কৈ যায়,
 ভাল-পোৱা প্ৰকৃতিত চোৱাঁ
এন্ধাৰ ওৰণি ঠেলি,
উঠিল অকাশে বেলি,
 বনত ফুলিল ফুল দুটি,
দেখি মন থিৰ হল,
সকলো বেজাৰ গল,
 গলোঁ সি দুটিৰ পাশে ছুটি।
যিমান বেজাৰ পালোঁ,
যত ঘৰামুটি খালোঁ,
 বুকু খুলি সকলো দেখিলোঁ।
দেখি জোকাৰিলে মূৰ,
মোৰ সুৰে বান্ধি সুৰ,
 ভাবো মনে এতিয়াহে পালোঁ।

(৫)

এৰিলোঁ পিয়াহ তোক
এৰিলোঁ বেজাৰ শোক,
 থাকো মাথো সি দুটিকে চাই,
সি দুটিয়ে যেনে কৰে,
কৰোঁ ময়ো তেনে দৰে,
 মই যেন আৰু মোত নাই।
বতাহৰ তালে তালে।
ফুল দুটি হালে জালে,
 ঘনে ঘনে পাতত লুকাই,
ভাবোঁ নিলে কোনোবাই,
ফুৰোঁ জুমি জুমি চাই,
 হাঁহি ঘূৰি আগতে ওলায়।