পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৫
বিজুলী।

 কিয়হে বিজুলী তুমি,
 ঘনে ঘনে জুমি জুমি,
লুকুৱাঁ লুকুৱাঁ দেবী মেঘৰ বুকত?
সৰু লৰা যেনেকুৱা ঘৰৰ চুকত।
 কোৱাঁচোন কোৱাঁ দেবী কোৱাঁ
 কাৰ ভয়ে ইদৰে লুকুৱাঁ?
 কাৰ ভয়ে ইদৰে সদাই,
 জগতৰ চকু চমকাই,
 ততালিকে দেখা দিয়া,
 ততালিকে মাৰ যোৱাঁ,
আকৌ বা ঘূৰি আহি চক্‌মক্‌ কৰাঁ
জগতত মেলি দিয়া ৰূপৰ নিঝৰা?
কিবা কাৰবাৰ সৈতে প্ৰণয় কৰিছাঁ!
কাৰবাক মন প্ৰাণ হৃদয় সঁপিছাঁ?
 তাকে কি চাবৰ মনে,
 এই দৰে ঘনে ঘনে,
মেঘৰ বুকুৰ পৰা মুখ উলিয়াই,
পৰাণ সঁপিছা যাক সি জনক চাই,
 চকুৱে চকুৱে পৰি,
 লাজতে কি এনে কৰি,
স্বৰ্ণ-লতা হেন দেহ ঢাকিছা মেঘত?
কিবা অভিমান কৰি লুকুৱা ঠেহত?
নতুবা তোমাৰ কোনো লগৰীয়া আছে,
 এই পৃথিবীৰ ওপৰত?
 তাৰেই কি সইতে ইদৰে,
 লগৰীয়া প্ৰণয়ৰ ভৰে,
 ঘনে ঘনে আহি এনেকৈ,
 ‘কুক্‌ভা’, ‘কুক্‌ভা', বুলিকৈ,
খেলিছা লুকা-ভুমুকা মেঘৰ আঁৰত,
তাতেই হে হাঁহা ঘনে সুখৰ ভৰত।

৬৯