নতুবা তুমিয়ে সেই উৰ্ব্বশী অপ্সৰা।
আৰ্য্য কবি কল্পনাৰ উচ্চৰূপ ধৰা?
দুন্দুভিৰ তলৰ চেৱত,
ইন্দ্ৰ আদি দেৱৰ আগত,
ৰূপেৰে বুৰাই দেৱপুৰি,
নাচিছা কি ঘনে ঘূৰি ঘূৰি?
তাৰেই কি এসূতি ওলাই,
জগতক নিচেহি ঢৌৱাই,
তাৰেই কি এসূতি ওলাই,
জগতক ইদৰে চঁকাই!
কোৱাঁচোন কোৱাঁ দেবী কোৱাঁ,
তুমিয়ে উৰ্ব্বশী সেই হোৱা নে নোহোৱাঁ।
নতুবা কি তুমি কোনো দেৱতাৰ বালা,
বাট হেৰুৱাই আহি পৃথিবী ওলালা?
পিচে জানো মেঘে দেখা পাই,
থাপমাৰি নিয়ে উৰুৱাই?
তাতে কি বিজুলী তুমি ঘনে,
পলাবৰ চেষ্টা কৰি মনে,
চঁকি চঁকি ইদৰে ওলোৱাঁ,
মেঘৰ গাজনি শুনি আকৌ পলোৱাঁ,
কাৰ ফালে এনেকই চোৱা,
কাৰ ফালে কৰি এনে কটাক্ষৰ শৰ,
পলোৱা বা কৰি চুৰ কৰি মন ঘৰ?
তোমাৰ হাঁহিটি মোৰ বৰ মিঠা লাগে,
হাহাঁ দেবী হাহাঁ এটিবাৰ,
সদাই সি হাঁহি মোৰ হৃদয়ত জাগে।
হাঁহা দেবী হাঁহা এটিবাৰ,
সি হাঁহিয়ে হৃদয় জুৰায়,
হাঁহা দেবী হাঁহা এটিবাৰ,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৬
অসমীয়া সাহিত্যৰ চানেকি।