পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪০
অসমীয়া সাহিত্যৰ চানেকি।

আপোনালোক সকলোৱে জানে ডাঙ্গৰীয়া গুণাভিৰাম বৰুৱাই, অসমীয়া সাহিত্যৰ কিমান উপকাৰ সাধিছে, তথাপি ডাঙ্গৰীয়াৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন স্বৰূপে, কেই আষাৰ মান কথা নোকোৱাকৈ এনে সুযোগ কোনোমতে এৰি দিব নোৱাৰে।। ডাঙ্গৰীয়া গুণাভিৰাম বৰুৱাৰ গাত, বিনয়, সৰলতা, ঔদাৰ্য্য, পৰোপকাৰিতা, আদি যি বিলাক অসংখ্য গুণ আছে, তাৰ ভিতৰত তেওঁৰ স্বদেশৰ প্ৰতি অকপট চেনেহেই সকলোতকৈ প্ৰধান। অসমীয়া মানুহৰ প্ৰতি মৰমেই, তেওঁৰ অসমীয়া ভাষাৰ প্ৰতি মৰমৰ মূল কাৰণ। তেওঁ অসমীয়া মানুহক পেটে সৈতে ভাল পায়, সেই গুণে অসমীয়া মানুহৰ মুখৰ মাত অসমীয়া ভাষাও তেওঁৰ ভাল পোৱাৰ বস্তু। আৰু সেই বাবেই তেও নানাবিধ জঞ্জালত ব্যাপৃত থাকিও অসমীয়া ভাষাৰ কিতাপ বচা সভাৰ চেক্ৰেটৰী হবলৈ আগবাঢ়িছিল আৰু তেওঁৰ আন আন কৰিবলগীয়া কামৰ পৰা অবসৰ পালেই তাক অসমীয়া সাহিত্যৰ উন্নতিৰ নিমিত্তে উসৰ্গি দিছিল। অসমীয়া সাহিত্যৰ উন্নতি সাধিবলৈ যত বিলাক বাট আছে আপোনাসকলে তাৰ এটাই বোৰতে গুণাভিৰাম বৰুৱাৰ খোজৰ চিন্ দেখিবলৈ পাব।

 নাটক, জীৱন চৰিত, বুৰঞ্জী, ভূগোল, বিজ্ঞান, আদি এটা সাহিত্যৰ সৰ্ব্বাঙ্গ পূৰ কৰিবলৈ যিবোৰ পুথি লাগে, প্ৰায় এটাইবোৰৰে একোখন তেওঁ লেখিছে, তেওঁৰ এই কিতাপ বিলাক অসমীয়া সাহিত্য ভড়ালৰ একোখানি বহুমূলীয়া ৰত্ন। গুণাভিৰাম বৰুৱাই যি উৎসাহেৰে অসমীয়া সাহিত্যত পোনতে হাত দিছিল, এতিয়া এই বুঢ়া বয়সতো তেওঁৰ সেই উৎসাহ অলপো কমা নাই। অলপ দিন হৈছে মাথোন “আসামবন্ধু” উলিয়াই তেওঁ অসমীয়া সাহিত্যৰ বহুত উপকাৰ কৰিলে। যদিও অসমীয়া মানুহৰ দোষত “আসামবন্ধু” বহুত বছৰ টিকিব নোৱাৰিলে, তথাপি যি অলপ দিন সি জীয়াই আছিল তাৰ ভিতৰতে সি মাহেকীয়া কাকতৰ আচল কাম কি তাক ভালকৈ দেখুৱাইছিল। “আসাম বন্ধুৰ” আগেয়ে অসমত যিবোৰ মাহেকীয়া কাকত ওলাইছিল, সেই এটাইবোৰ নামতহে মাথোন মাহেকীয়া কাকত আছিল। ডাঙ্গৰীয়াৰ অসমীয়া ভাষালৈ যে মৰম অসীম আৰু এই বুঢ়া বয়সতো যে তেওঁৰ হৃদয়ত উৎসাহ অপাৰ, তাৰ ফটফটীয়া প্ৰমাণ এই, যে তেওঁ কষ্টকৈ আহি আমাৰ সভাৰ আজি সভাপতিৰ আসনত বাহি আমাকে উৎসাহিত কৰিছেহি। ডাঙ্গৰীয়া হেমচন্দ্ৰ বৰুৱাৰ ওচৰতো অসমীয়া ভাষা আৰু সাহিত্য কিমান ধৰুৱা মই তাক কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁ সৰু কালৰ পৰা অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে, বহুত খাটিছে আৰু আমি দেখাত সেই খাটনিৰ সম্পূৰ্ণ সুফল ধৰিছে। অসমীয়া ভাষাৰ দোষ গুণবিলাক তেওঁৰ দৰে পাত পাত কৈ চাই, এটা মত গঢ়ি লোৱা মানুহ