পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৯
অসমীয়া ভাষা।

বিলাকৰ যে বহুত পৰিশ্ৰম কৰিব লগীয়া হৈছিল অলপো তাত সন্দেহ নাই। পূৰ্ব্বে ১৮২৯ চনত ৺হলিৰাম ফুকন ডাঙ্গৰীয়াইও বঙ্গালী ভাষাত এখন অসমবুৰঞ্জী প্ৰকাশ কৰিছিল হয়, বৰ বৰুৱা আৰু তামুলি ফুকনৰ বুৰঞ্জী তাত কৈ অনেক ডাঙ্গৰ। কবলৈ গলে এই খনিয়েই অসমীয়া ভাষাত ছপা হোৱা প্ৰথম বুৰঞ্জী। নকৈ ছপা নোহোৱাত এই সুন্দৰ পুথি খনিৰ নাম নুমাব লগা হৈছেহি। পুথি খনি যেনে সাৰুৱা, কোনোৱে নকৈ ছপা কৰিলে তেওঁৰ যে দইন পৰিব আমি এনে নেভাবোঁ। এই দৰে বঙ্গালী বিষয়া আৰু ইংৰাজী হাকিম বিলাকৰ কোপ দৃষ্টিত পৰিও খ্ৰীষ্টিয়ান মিচনেৰি আৰু দেশহিতৈষী অসমীয়া ডাঙ্গৰীয়া সকলৰ যত্নত অসমীয়া ভাষা অলপ অলপ কৈ উন্নতিৰ ফালে আগবাঢ়িব ধৰিছে। অসমীয়া ভাষাৰ অভিধান ব্যাকৰণ ছপা হল, বুৰঞ্জী ছপা হল, অসমীয়া ভাষাত কাকত ওলাল। এই বোৰ দেখি শুনি অসমীয়া ভাষাৰ শত্ৰু বিলাকৰ মুখও আগতকৈ জাপ খালে। এনে সময়তে বঙ্গদেশৰ (তেতিয়া বঙ্গদেশ আৰু অসম দেশ, এজন সৰু লাট চাহাবৰ দ্বাৰাই শাসিত হৈছিল) সৰু লাট, স্যাৰ জৰ্জ্জ কেম্বেলে, ১৮৭১ চনত অসমীয়া ভাষাক আকৌ আগৰ ঠাইত থাপিলে। অৰ্থাৎ অসম দেশৰ পঢ়াশালি আৰু আদালত বিলাকৰ পৰা বঙ্গালী ভাষা উঠাই তাৰ থলত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আদেশ কৰিলে।

 সেই দিনৰ পৰা অসমীয়া ভাষাৰ সোঁতে যিটো গতি ললে সেই গতিতেই আজিলৈকে চলি আছে। উদাৰ প্ৰকৃতিৰ কেম্বেল চাহাবে, অসমীয়া ভাষাৰ ভাল ভাল লোক সকলক বঁটা দি উৎসাহ দিয়াত অসমীয়া ভাষাত তেতিয়াৰ পৰা বহুত ন ন লেখাৰু ওলাবলৈ ধৰিলে। আৰু দুখন এখন কৈ সাৰুৱা কিতাপেও ৰদৰ পোহৰ দেখিলে। স্যাৰ জৰ্জ্জ কেম্বেলৰ দিনৰ পৰা আজিলৈকে, কুৰি বছৰত বহুত অসমীয়া ভাল ভাল লেখক ওলাইছে। আৰু কিতাপ পুথিও লেখা হৈছে, ছপা হৈছে। সেই বিলাকৰ বিষয়ে আপোনা সকলে জানেই। সেইবাবেই আৰু নকৈ কোৱাৰ একো প্ৰয়োজন নেদেখোঁ। তেওঁ বুলি মই আপোনা সকলৰ আগত দুজন অসমীয়া ভাষাৰ লেখকৰ উল্লেখ নকৰি থাকিব নোৱাৰো। তেওঁ বিলাক দুজনৰ নাম আৰু তেওঁবিলাকে অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে কি কি কৰিছে তাৰ কথা নোকোৱাকৈয়ে মই যদি অসমীয়া ভাষাৰ বুৰঞ্জী সামৰোঁ, তেতিয়া হলে তাক অসমীয়া ভাষাৰ পূৰা বুৰঞ্জী কেৱে নোবেলে। মই কাৰ কথা ভাবিছোঁ বোধকৰোঁ আপোনা সকলে মই নৌ কওঁতেই বুজিব পাৰিছে। এজন ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰ, যি আজি আমাৰ সভাপতিৰ আসনত বহি গোটেইখন সভাক এনেকৈ শুৱাই ধৰিছে। আনজন শ্ৰদ্ধাস্পদ ডাঙ্গৰীয়া শ্ৰীযুক্ত হেমচন্দ্ৰ বৰুৱা। যদিও