পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৫
অসমীয়া ভাষা।

সেইটি আৰু একো নহয়। তেওঁবিলাকে আমাৰ ভাষাক এটা সুৰ শিকাই গল। এই সুৰটি আগেয়ে অসমীয়া ভাষাই নেজানিছিল। ভাৰতবৰ্ষৰ কোনো ভাষাই নেজানিছিল। সি ইংৰাজী সাহিত্যৰ নিজা সম্পত্তি। তাক পাদুৰি চাহাব সকলে সাত সাগৰ তেৰ নৈ পাৰ কৈ আনি ভাৰতবৰ্ষৰ ভাষা বিলাকক শিকাই দিলেহি। এই সুৰৰ তাঁৰ ডালিয়ে, ভাৰতবৰ্ষীয় সভ্যতা (আৰ্য্যামি) আৰু পাশ্চাত্য সভ্যতা (চাহাবানি) দুইৰো মাজত লগুণ গাঁথিৰ নিচিনা হৈছে। বৰ্তমান যুগৰ ভাৰতবৰ্ষীয় আন আন সাহিত্যৰ দৰে, অসমীয়া সাহিত্যৰো যতে টোকৰ মাৰা, এই বিলাতী সুৰটিৰ গুন গুননি শুনিবলৈ পাবা। তুমি সেই সুৰটিৰ স্বভাব নুবুজিব পাৰা, কিয়নো তুমি এই সুৰটি উপজিবৰে পৰা শুনি ডাঙ্গৰ হৈছাঁ। কিন্তু শঙ্কৰ দেৱক মাতি আনা, মাধৱদেৱক মাতি আনা, তেওঁবিলাকে ততালিকে বুজাই দিব, আঙ্গুলীৰে ধৰি দেখুৱাই দিব, যে এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ।

 আজি কালি আমি সমাজৰ যেই ফাললৈ চকু দিওঁ, সেই ফালেই এই আৰ্য্যামি আৰু চাহাবানিৰ মধুৰ সংযোগ দেখিবলৈ পাও। অনেকে এই বনকুৱৰীৰ ওচৰত ঢালে তৰোৱাৰে বীৰ পুৰুষ জনক দেখি ভয়ত অজ্ঞান হয়। আমি তেও বিলাকক কওঁ, ভাৰতবৰ্ষীয় সভ্যতা আৰু পাশ্চাত্য সভ্যতা দুইটা মিহলি হৈ যি সভ্যত জন্মিব, সেই সভ্যতাই যুগমীয়া সভ্যতা। এই বনকুৱৰীৰ ওচৰলৈ ঢালে তৰোৱালে এই বীৰ পুৰুষ জনক অনা বাবে পাদুৰী চাহাব সকল অমৰ হৰ। আৰু তেও বিলাকেহে অসমীয়া ভাষাক ইংৰাজী সাঁচত ঢালি এই সম্বন্ধটি ঘনিষ্ঠ কৰিলে, তাৰ বাবে তেওঁবিলাক অসমীয়া মানুহৰ চিৰস্মৰনীয় হৈ থাকিব। শিৱসাগৰৰ পাদুৰী সাহাব সকলৰ ওচৰত যে অসমীয়া ভাষা কিমান ধৰুৱা, তাক কৈ অন্ত কৰিব নোৱাৰি। তেওঁবিলাকে অসমীয়া ভাষাক বৰ অসময়ত সহায় কৰিছে। উচুতিয়া নেমাতি হক কথা কবলৈ হলে, ব্যেপ্টিষ্ট মিচনৰ এই সমজুৱা সকলে আমাৰ ভাষাক আৰু সাহিত্যক মৰণৰ হাতৰ পৰা ৰক্ষা কৰিলে। এই যে নুমাব খোজা অসমীয়া সাহিত্যৰ শলিতা গছি আকৌ ঢিমিকি জ্বলিছে, সি কেৱল পাদুৰী চাহাব সকলে উচিত সময়ত গুৰিত যি তেল ঢালিলে, তাৰ বলতহে। নতুবা অসমীয়া ভাষা, অসমীয়া সাহিত্য, কি জানি একেবাৰেই লোপ পালে হেতেন। একেবাৰেই লোপ নেপালেও নগা মিকিৰৰ দোৱানৰ নিচিনাই এটা দোৱান হল হেতেন। এনে দুৰ্ভাবনা ভাবিব পাৰি, শিৱসাগৰৰ মিচনেৰি সকলে এইদৰে অসমীয়া ভাষাৰ নিমিত্তে যুজ কৰোঁতে দুজন