পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৬
অসমীয়া সাহিত্যৰ চানেকি।

এজন দেশীয় ডেকায়ে তেওঁ বিলাকক বৰ সহায় কৰিছিল। সেই সকলৰ ভিতৰত সকলোতকৈ প্ৰধান স্বৰ্গীয় মহাত্মা আনন্দ ৰাম ঢেকিয়াল ফুকন।

 ১৭৫১ শকত আহিন মাহত ফুকনৰ জন্ম হয়, তেওঁ ১৮৪১ চনলৈকে গুৱাহাটিৰ ইংৰাজী স্কুলত পঢ়ি তাৰ পিচত কলিকতালৈ গৈ তাৰ হিন্দু কলেজত নাম লগাই, তিনি বৎসৰ মাথোন পঢ়িবলৈ পালে। আনেক কাৰণত সোনকালে অসমলৈ উভতি আহিব লগাত পৰিল। ফুকনৰ জ্ঞান আৰ্জ্জিবলৈ বৰ হেঁপাহ আছিল। তেওঁ কলেজ এৰি কলিকতাৰ পৰা গুচি আহিলেও ঘৰত আহি পঢ়া শুনা এৰি দিয়া নাছিল। তেওঁ গুৱাহাটিৰ সুনিপুণ পাদুৰী ব্লেণ্ড চাহাবৰ ওচৰত আকৌ ইংৰাজী পঢ়িবলৈ ধৰিলে। আৰু অলপ দিনৰ ভিতৰতে সকলোৱে জনা শুনা এজন বিখ্যাত লোক হৈ উঠিল। তাৰ পিছত ফুকনে আইন পঢ়িবলৈ ধৰে। অলপ দিনৰ ভিতৰতে আইন কানুনতো পকা হৈ উঠে।

 অত দিনে কিন্তু ফুকনে অসমীয়া ভাষাৰ বিষয়ে একো ভবা নাছিল। পাদুৰী চাহাব সকলে অসমীয়া ভাষাৰ নিমিত্তে ইমান কৈ যতন কৰা দেখি ফুকনেও ভাবি চাই জানিলে, অসমীয়া ভাষাৰ উন্নতিৰ বাহিৰে অসমীয়া মানুহৰ উন্নতিৰ বাট নাই। সেই দিনৰ পৰা ফুকন পেটে সৈতে অসমীয়া ভাষাৰ ভকত হল। শিৱসাগৰৰ পাদুৰীবোৰে সৈতে একেগোট হৈ “অৰুণোদয়ত” অসমীয়া ভাষাৰে উপদেশ পূৰ্ণ ৰচনা লেখিবলৈ ধৰিলে। অসমীয়া মানুহক ইংৰাজী সাহিত্য আৰু বিজ্ঞানৰ শিক্ষাৰে চিনাকী কৰিবৰ মনেৰে ফুকন ডাঙ্গৰীয়াই ১৮৪৯ চনত “অসমীয়া লৰাৰ মিত্ৰ” নাম দি কেবা খনিও সাৰ গৰ্ভ পুথি লেখিবলৈ ধৰে, আৰু অসমত থকা ডাঙ্গৰ ইংৰাজ হাকিম সকলৰ আৰু দেশীয় ভাল ভাল মানুহ সকলৰ পৰা পচা তুলি তাৰে সেই দুখন পুথি প্ৰকাশো কৰিছিল। অসমীয়া মানুহৰ আগ্ৰহ নেদেখি আৰু গবৰ্ণমেন্টেও সহায় নকৰাত তেওঁ আৰু তাৰ তৃতীয় ভাগ প্ৰকাশ নকৰিলে। ফুকনৰ “অসমীয়া লৰাৰ মিত্ৰৰ” নিচিনা কিতাপ অসমীয়া ভাষাত আজিলৈকে ওলোৱা নাই বুলিলেই হয়। বঙ্গদেশত পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ “বোধোদয়” যেনে, অসমত এসময়ত ফুকনৰ “লৰাৰ মিত্ৰও” তেনেকুৱা হৈছিল। এই বোৰৰ বাহিৰেও তেওঁ ১৮৫৫ চনত A few remarks on the Assamese language and on Vernacular education নামে এখন ইংৰাজী পুথি লেখি প্ৰচাৰ কৰে। তেওঁ এই পুথি খনিত দেখুৱাবলৈ চেষ্টা কৰিছে যে অসমীয়া ভাষা এটা স্বতন্ত্ৰ সাহিত্য থকা বেলেগ ভাষা আৰু অসমীয়া মানুহক অসমীয়া ভাষাৰে শিক্ষা দিয়া হে যুগুত। অসমীয়া ভাষাত ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আৰু দাৰ্শনিক