পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৬
অসমীয়া সাহিত্যৰ চানেকি।

ৰজাক নকৰে ভয় প্ৰজাক নকৰে,
ৰনোন্মত্ত বীৰজনে তুচ্ছ ভাবে মনে।
সদা সুমন্ত্ৰণা মাত্ৰ দয়িত অন্তৰে
দিয়া থাকে জ্ঞান পৰিমাৰ্জ্জত বচনে।
অন্যায় অধৰ্ম পাপে যদি নৰ মন।
হোৱে প্ৰলোভিত; ক্ৰোধে কৰিয়া গৰ্জ্জন
নিমিষে অন্তৰে থাকি বিদাৰি হৃদয়
“নাযাইবি” “নকৰিবি” এই কথা কয়

বাৰণ নুশুনি তাৰ যদি নগণ,
লিপ্ত হোৱে সেহি কাৰ্যে সন্তাপ অগনি
অটল সাহসে দিয়ে কৰিয়া জ্বলন,
ৰজা প্ৰজা ধনী দীন একোকে নগনি।
দিয়ে গালি নানাৰূপ কৰিয়া গৰ্জ্জন,
কৰ্কশ বচনে কৰে অন্তৰ দাহন;
কি ধনী কি মানী সুখী ৰজা প্ৰজা বীৰ
সেই তিৰস্কাৰে সবে হোৱে নত শিৰ।

জ্ঞানেৰে ৰচিত দেহ জ্ঞানেৰে হৃদয়,
কোন প্ৰিয় বন্ধু এই অন্তৰ ভিতৰে,
অন্যায় দেখি যে ক্ষণে বাৰণ কৰয়,
যতে ততে সৰ্ব্বদাই হিত চিন্তা কৰে?
জানিছোঁ বিবেক নামে সেই বিজ্ঞজন,
কৰে হিতাহিত জ্ঞান নৰে বিতৰণ।
ধন্য হে বিবেক ভুমি ধন্য মন্ত্ৰীবৰ!
ধন্য তুমি চিৰ বন্ধু হীন মনুষ্যৰ।।