পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৫
বিবেক।

থকাৰ ভিতৰে মুৰ্খতা আন্ধাৰ;
আছে মাত্ৰ হায়! কুৰীতি অপাৰ।
আছে হিংসা ভাব অমিল স্বভাৱ।
স্ব অৰ্থ পৰতা উন্নতি হুল।
আছে অহিফেন চিৰ দৰিদ্ৰতা
আছে অহঙ্কাৰ “ফেশনে” মমতা;
বৃথা গম্ভীৰতা অবাচ্যে পটুতা,
আছয়ে আলস্য দাৰিদ্ৰ মুল।

ছি ছি অসমীয়া! উঠা উঠা উঠা,
চিৰ নিদ্ৰা এড়ি মেলা চকু দুটা,
হোৱা সচেতন নাথাকা মগন,
আলস্য পিশাচ ক্ৰোড়ে এক তিল।
অনৰ্থৰ মূল অহিফেন বিষে,
গোমাংস ভাবিয়া মনৰ হৰিষে,
এড়া সৰ্ব্বজনে কাৰ্য্যে দিয়া মন;
কৰিও স্বদেশ উন্নতিশীল।


বিবেক।

কোন্ সিটি সঙ্গে সঙ্গে মানব অন্তৰে
সদাই কৰিছে বাস? মুহুৰ্ত্ত কাৰণে,
কোনো কালে কোনো ক্ৰমে নাযাৱয় দূৰে,
আছে চিৰকাল বসি হৃদয় আসনে?
বয়সে প্ৰবীন অতি, বহুদৰ্শী জন,
চিত্ত খানি যেন তাৰ জ্ঞানেৰে গঠন;
সুস্থিৰ মুৰতি জ্ঞান গৰ্ব্বিত বদন,
অটল সাহস মেঘ গম্ভীৰ বচন।