পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২৪ অসমীয়া সাহিত্যৰ চানেকি। বসন্ত বিদায়।। মধুৰ বসন্ত হলহি অন্ত, নাই আৰু সি মলয় পৱন, নাই কোকিলৰ, সি মধুৰ স্বৰ, শুনি যাক হয় হৰিষ মন। ৰঙা বৰণৰ কুঁহি পাতে, আৰু মলয় মৃদু বাতে, নকৰে ধেমালি, পৰি হালি দুলি, গৈছে নুমলি পাতৰৰ বৰণ। বনত বিহঙ্গে নেগাই গীত, | বনফুল গন্ধে নহৰে চিত সুৰুয দেৱৰ, প্ৰখৰ কিৰণ, দেখি লতাফুল সবে মলিন। দুবৰি ডালিয়ে উষা কালে, নেসানে নীয়ৰ নিজ গালে, | মুকুতা মণিটি, বুলি সি বোপাটি, ধৰিবলৈ আৰু নকৰে মন।। ইটি ফুল এৰি সিটিত পৰি, মুফুৰে ভোমোৰাই ঘূৰি ঘুৰি, বসন্তত ভুলি, মধু ৰৱ তুলি, নকৰে আৰু গুঞ্জৰণ। বসন্ত গলে আহিব জহ, | গজিব নকৈ যতেক শহ, | আহি পালে জাৰ, হব মহামাৰ, প্ৰকৃতি শোভা কৰিব হৰণ। যোৱাগৈ বসন্ত যোৱ বাৰু, | বছৰৰ মূৰত আহিব আৰু, ফল ফুলে আকৌ শুকান গছক, সজাবা আহি কৰি যতন। কবাহি আহি অসমীয়াক, “নুশুনিব আৰু এলাহৰ হাক, উঠা সাজি পাৰি, বুকে সাহ ধৰি, দেখুৱা আনক নিজৰ মান॥” ব্ৰহ্মপুত্ৰ। এক ধ্যান এক জ্ঞান এক মন্ত্ৰ স্মৰি সদায় গইছা তুমি কুল কুল কৰি, দিন গই হল ৰাতি, সপ্তাহ মাহক কাটি, বছৰৰ পাছে গল বছৰ বাগৰি। সদায় গইছা তুমি কুল কুল কৰি।