পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৩
মানৱ জাতিৰ সভ্যতা।

কৰিলে। ফিউডেল নিয়মৰ দ্বাৰাই বেৰণবিলাকৰ মাটিত থকা ৰায়তবোৰে বেৰণৰ দাসত্ব কৰিছিল। ক্ৰমে ইংৰাজ জাতিৰ মানুহবিলাকৰ মনত যিমান স্বাধীনভাৱৰ উদয় হবলৈ ধৰিলে, সিমান বেৰণৰ ৰায়তবিলাকে দাসত্বৰ শিকলি ছিঙ্গিবলৈ নানা উপায় উলিয়াবলৈ কাৰবাৰ কৰিলে। শেহত বেৰণবিলাকৰ অত্যাচাৰ অসহ্য হোৱাত দ্বিতীয় ৰিচাৰ্ডৰ সময়ত ইংলণ্ডত সাধাৰণ মানুহৰ বিদ্ৰোহনল উপস্থিত হল। ইংলণ্ডৰ বুৰঞ্জীত এই বিদ্ৰোহৰ নাম কৃষক-বিদ্ৰোহ। কৃষক-বিদ্ৰোহ ইংৰাজ সমাজলৈ সাম্যভাৱ আৰু স্বাধীনতা আনিবৰ উদ্দেশ্যত আৰু এটি প্ৰধান উদ্যম। এই উদ্যমৰ পাচত ইউৰোপত, শিক্ষা, সমাজ, ধৰ্ম্ম, শাসন প্ৰণালী এই সকলোৱে এক নতুন গঢ় লৈ, এক নতুন যুগ আৰম্ভ কৰে। ইউৰোপীয় বুৰঞ্জীত এই যুগৰ নাম (renaissance period) নবাভ্যুদয় কাল। এই যুগৰ আৰম্ভতে ইংলণ্ডত অক্সফোৰ্ড, কেম্ব্ৰিজ, প্ৰভৃতি ঠাইত ইউনিভাৰসিটি বা বিশ্ববিদ্যালয়বোৰ স্থাপিত হয় আৰু কেথলিক ধৰ্ম্মৰ পৰিবৰ্তে প্ৰটেষ্টেণ্ট ধৰ্ম ইংলণ্ডত চলিবলৈ ধৰে। ইউনিভাসিটিবোৰৰ দ্বাৰাই ফিউডেল নিয়মৰ গুণত লোপ পোৱা সমাজৰ সাম্যভাৱ আৰু স্বাধীনতাক আকৌ উদ্ধাৰ কৰা হল। বিদ্যালয় বিলাকত বৰ মানুহ, সৰু মানুহৰ মাজত ভেদাভেদ নথকাৰ বাবে দেশত কৌলীনত্বৰ হেঁচা অনেক পৰিমানে লঘু হল। সিফালে কেথলিক ধৰ্ম্মৰ অৱনতিৰ লগে লগে অৰ্থলোভী ধৰ্ম্মযাজকবোৰৰ প্ৰাধান্যও নোহোৱা হল। সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধীনতা হল। তেতিয়াৰে পৰা আজিলৈকে ইংলণ্ডীয় বুৰঞ্জীয়ে আমাক কেৱল ইংলণ্ডীয় সমাজত সন্মিলন, সাম্যভাৱ আৰু স্বাধীনতাৰ উন্নতিৰ কথাহে দেখুৱাইছে।

 ইংলণ্ডীয় সমাজৰ এই সাম্যভাৱ যে কালত নোহোৱা হব চোছিয়েলিষ্ট নামে এদল মানুহে এনে বিশ্বাস কৰে। তেওঁলোকে কয় যে, সম্প্ৰতি এফালে যেনেকৈ কিছুমান মানুহৰ খুব ধন সম্পত্তি হৈছে, আনফালে তেনেকৈ কিছুমান মানুহ একেবাৰেই নিঃকিন হৈছে। ইংলণ্ডত মানুহৰ সম্পত্তিৰ এনেকুৱা অসামঞ্জস্য হোৱাৰ পৰা সমাজৰ অৱস্থা বেয়া হব আৰু তাৰ ফলত জাতীয় সভ্যতাৰ অৱনতি হব, এনে কথা তেওঁবিলাকৰ মুখে শুনিবলৈ পোৱা যায়। আজি কালি মাৰ্কিন দেশৰ সমাজত ওখ খাপৰ সন্মিলন, সাম্যভাৱ আৰু স্বাধীনতা থকাৰ নিমিত্তে বিখ্যাত হেনৰি জৰ্জ নামে এজন আমেৰিকান অৰ্থনীতিজ্ঞ চোছিয়েলিষ্টৰ পৰা জানিব পৰা যায় যে, বৰ্তমান সময়ত আমেৰিকাতে ইংলণ্ডৰ নিচিনা মানুহৰ মাজত সম্পত্তিৰ যি অসামঞ্জস্য হৈছে তাৰ দ্বাৰাই কালত মাৰ্কিন জাতিৰ সমাজৰ অৱস্থা বেয়াহৈ দেশী সভ্যতাৰ অধোগতি হবৰ সম্ভাৱনা আছে।