পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৯
মানৱ জাতিৰ সভ্যতা।

নোৱাৰে। পৰস্পৰ বিবাদ আঁতৰালেই আকৌ সমাজৰ উন্নতি হবলৈ ধৰে। বুৰঞ্জী চালে ইয়াৰ বহুত উদাহৰণ পোৱা যায়। প্ৰাচীন কালত এথেন্স আৰু স্পাৰ্টাৰ মাজত যি যুদ্ধ-বিগ্ৰহ হৈছিল, তাৰ নিমিত্তে বহুত দিন গ্ৰীচত সভ্যতাৰ উন্নতি নহৈ আগৰ সভ্যতাই লোপ পাবলৈ আৰম্ভ কৰিছিল। এনেতে মেচিডন ক্ষমতাই বৃদ্ধি পাই যেতিয়া গোটেই খন গ্ৰীচ অধিকাৰ কৰিলে, তেতিয়া এথেন্স স্পাৰ্টাৰ পৰস্পৰ বিবাদ নোহোৱা হল। মেচিডনৰ অধীনত গ্ৰীক জাতি আকৌ উন্নত হৈ উঠিল। ইংলণ্ডত নৰ্ম্মান অধিকাৰ হোৱাৰ আগেয়ে, সেই দেশৰ বেলেগ বেলেগ সম্প্ৰদায়বোৰৰ মাজত অনৈক্য আছিল। ডেন্স বিলাকে চেক্সনবিলাকেৰে বিবাদ কৰিছিল। প্ৰথম উইলিয়মে ৰাজত্ব কৰাৰ সময়ৰ পৰাই সেই বিবাদৰ অন্ত পবিল। এঙ্গল, চেক্সন, জুটডেন প্ৰভৃতি বেলেগ বেলেগ জাতিবিলাক নৰ্ম্মান ৰাজত্বৰ তলত গোটখাই এটা জাতি হল। সেই জাতিৰ মাজত সন্মিলন হবলৈ ধৰিলে। ইংৰাজ জাতিৰ ভ্যতাৰ সুত্ৰপাত তেতিয়াৰ পৰাই হয়। আধুনিক সময়ত ভাৰতবৰ্ষতে এই দৰে ইংৰাজ ৰাজত্বৰ অধিনত সম্প্ৰদায়বিলাকৰ মাজত বিবাদ গুচিবলৈ আৰম্ভ হৈছে। এনে এটা দিন আহিব, যেতিয়া ভাৰতবৰ্ষৰ সমাজত সন্মিলন হব, ভাৰতবৰ্ষত আকৌ সভ্যতাৰ উন্নতি হব। মানুহৰ মাজত সন্মিলন ওপজোৱাৰ এটা ঘাই উপায় বাণিজ্য। বাণিজ্যত সংলিপ্ত থকা মানুহবোৰে অকল সুবিধা আৰু স্বাৰ্থৰ বাবে পৰস্পৰৰ মাজত সদ্ভাৱ ৰাখে এনে নহয়, বাণিজ্যৰ কাৰণে নানা দেশত ফুৰি মানুহবিলাকৰ মন মুকলি হয়, কুসংস্কাৰৰ নিচিনা কুঁৱলী আঁতৰাত মন ফৰকাল হয়। কুসংস্কাৰ, সকলো ৰকম বিবাদ আৰু অনৈক্যৰ মূল। সি আঁতৰিলে কন্দলৰ কাৰণ নোহোৱা হয়। তেতিয়া মানুহৰ মাজত সন্মিলন হবলৈ ধৰে। ধৰ্ম্মৰ জৰীৰে বান্ধ খায়ো বহুত মানুহে পৰস্পৰৰ মাজত সদ্ভাৱ ৰাখে। কিন্তু কালত সেই ধৰ্ম্মানুৰাগ ঠেক হৈ গলে, সমাজত বিপৰীত ভাব হৈ উঠে; পৰম্পৰৰ মাজত সদ্ভাৱৰ পৰিবৰ্তে সমাজত কন্দল তেতিয়া আৰু বাঢ়ে।

 সাম্যভাৱ আৰু স্বাধীনতাৰ বিষয় একে ঠাইতে আলচ কৰিব পাৰি। আগেয়েই কোৱা হৈছে, অভিব্যক্তিৰ নিয়ম অনুসাৰে সমাজে সহজাৱস্থাৰ পৰা কুটিলাৱস্থালৈ যায়। সমাজত কৰ্ম্মবিভাগ হৈ পৰে। অৰ্থাৎ, বেলেগ বেলেগ কামৰ নিমিত্তে বেলেগ বেলেগ মানুহ নিযুক্ত হয়। মানুহবিলাকৰ মাজত পৰম্পৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰা আৱশ্যক হৈ উঠে। প্ৰাণীৰ অভিব্যক্তি যেনেকৈ অঙ্গহীন পিণ্ডাকাৰ জীৱৰ পৰা সন্ধিযুক্ত নানা অঙ্গ-প্ৰত্যঙ্গ থকা জীৱ হৈছে, সমাজৰ অভিব্যক্তিতো