সেইৰূপে সমাজত প্ৰথমে মানুহবোৰে নিজে নিজে আপোনাৰ সকলোবিলাক আৱশ্যকীয় কাম সাধি লয়, ইটোৱে সিটোৰ কাৰ্য্যত সহায়তা নকৰে; পাচত কামবিলাকৰ বেলেগ বেলেগ ভাগ হৈ প্ৰত্যেক ভাগৰ কাৰণে বেলেগ বেলেগ শ্ৰেণীৰ মানুহ লগোৱা হয়। তেতিয়া সমাজৰ অঙ্গ হয়। প্ৰাণীৰ যিমান উন্নতি হয় সিমান অঙ্গ বাঢ়ি এটা অঙ্গ অবস্থাৰ ওপৰত আনবিলাকৰ অৱস্থা নিৰ্ভৰ কৰে, সিমান অঙ্গবিলাক সিহতৰ আৱশ্যকীয় হৈ উঠে। সমাজৰো সেইদৰে নানা অঙ্গ বাঢ়ি অৱশেষত সমাজৰ জীৱনৰ কাৰণে প্ৰত্যেক অঙ্গ আৱশ্যকীয় হৈ উঠে। কিন্তু সমাজৰ এই অভিব্যক্তিৰ গতিত এটি বিপদ উপস্থিত হবৰ আশঙ্কা সদাই হয়; আৰু আগৰে পৰা সাৱধান নহলে সেই বিপদ যথাৰ্থই ঘটি, সমাজক লাও-লোৱা কৰে। সেই বিপদটি, সমাজত সাম্য ভাৱৰ বিনাশ।
কিন্তু, কেনে কাৰ্য্যৰ গতিত পৰি এই বিপদৰ আশঙ্কা উপস্থিত হয়? আমি জানো, সমাজৰ আদিম অৱস্থাত মানুহৰ মাজত প্ৰত্যেক পৰিয়ালেই একোটা সমাজ হৈ পৰে। পৰিয়ালৰ বয়সিয়াল মান্য মানুহটিয়েই আন বিলাক পৰিয়াল ভূক্ত মানুহৰ ওপৰত কৰ্তৃত্ত্ব চলায়। এই পাৰিবাৰিক শাসনৰ (patriarchal government) পাচত, প্ৰত্যেক পৰিয়ালৰ তেনেকুৱা মুখ্য মানুহবিলাকৰ মাজৰ পৰা এজনক বাছি সকলোৰে দলপতি কৰি লোৱা হয়; কালক্ৰমত সেই দলপতিবিলাকে ৰজা নাম পায়। ইংৰাজবিলাকৰ পূৰ্ব্বপুৰুষ চেক্সনবিলাক যেতিয়া জৰ্ম্মেনীত আছিল, সেই সময়ত সিহঁতৰ সমাজত কোনো বিশেষ দলপতি বা ৰজা নাছিল। বহুত পৰিয়াল একে ঠাইতে লগলাগি পৰস্পৰৰ ভিতৰত সহানুভূতি আৰু সম্ভাৱ ৰাখি আছিল মাথোন। কেতিয়াবা যুদ্ধৰ সময়ত মুখিয়াল মানুহবোৰৰ মাজৰ পৰা এজনক বাছি সিহঁতৰ দলপতি কৰি লোৱা হৈছে। ব্ৰিটন আক্ৰমন কৰিবৰ সময়ত সেইদৰে বেলেগ বেলেগ দলে বেলেগ বেলেগ দলপতি পাতি লৈছিল। কালক্ৰমত সেই বেলেগ বেলেগ দলপতিবিলাক ৰজা হৈ বেলেগ বেলেগ ৰাজ্য পাতিলে। ঈষ্টএংগ্লীয়া, মাৰ্চিয়া প্ৰভৃতি সপ্ত-ৰাজ্যৰ তেতিয়াৰ সৃষ্টি হয়। অৱশেষত সেই সৰু সৰু ৰাজ্যবিলাকৰ পৰস্পৰৰ মাজত যুদ্ধ-বিগ্ৰহ হৈ সিহত দুৰ্ব্বল হোৱাত, এটাইবোৰ ৰাজ্য পৰাক্ৰমী ওয়েচেক্সন ৰাজ্যৰ তললৈ আহিল। তেতিয়া ওয়েচেক্সন ৰাজ্য ডাঙ্গৰ হল, ওৱেষ্টচেক্সন ৰজাবোৰৰ ক্ষমতা বাঢ়িল। ৰজাৰ যিমান ক্ষমতা বাঢ়ি যায়, সিমান ৰজা ও প্ৰজাৰ মাজত প্ৰভেদ বহল হয়। অৱশেষত ৰজাৰ ক্ষমতা স্বেচ্ছাচাৰী হৈ উঠেৰাজ্যত অত্যাচাৰ হবলৈ ধৰে; এজন ৰজাৰ সুখৰ কাৰণে হেজাৰ হেজাৰ