পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৩
মানৱ জাতিৰ সভ্যতা।

পানীৰ ভাগ কৰা আছে আগেয়ে তেনে নাছিল। আগেয়ে সম্ভবতঃ ডাঙ্গৰ ডাঙ্গৰ মহাদেশবিলাক লগলগা আছিল। আটলাণ্টিক মহাসাগৰত বহুত দ্বীপমালাৰ পৰা এইটো অনুমান হয় যে এসময়ত ইওৰোপ আৰু আমেৰিকাৰ মাজত সাগৰৰ ব্যৱধান নাছিল। সকলো বৈজ্ঞানিকেই স্বীকাৰ কৰে যে, যি সমুদ্ৰ আগেয়ে বহুত দ আছিল কালত সিও এতিযা বাম হৈ আহিছে। সেই নিয়মে বাম পানীও ক্ৰমে দ হৈছে। যদি এনে এক সময়ত ডাঙ্গৰ মহাদেশবিলাক আৰু দ্বীপবোৰ একেলগে থুপখাই আছিল, তেনেহলে তেতিয়াই যে জীৱবিলাক পৃথিবীৰ চাৰিও ফালে বিস্তাৰিত হৈ গৈছে তাতে একো সন্দেহ নাই। ইয়াত বাজেও প্ৰকৃতিৰ আৰু বহুত আচৰিত কৌশলৰ দ্বাৰাই জীৱবিলাকক চাৰিও ফালে চতিয়াই দিয়া হৈছে। গছৰ গুটি বতাহত উড়ি বহুত দূৰ ঠাইলৈ গৈ তাত আকৌ গছ গজোৱা বহুতে জানে। কোনো কোনো গছৰ ওচৰত বৰ হাবি থকাৰ নিমিত্তে তলত গুটি সৰি পৰিলেও হাবিৰ নিমিত্তে তাত গজিব নোৱাৰে। ভগৱানৰ কৌশলত তেনে বহুত গছৰ গুটিবোৰ নোমেৰে ঢকা। নোম থকা গুটিবিলাক বতাহত উড়ি বহুত দূৰৈত পৰেগৈ আৰু তাতে মুকলি ঠাই পালে গছ গজায়। জলপ্লাৱন, বতাহ আৰু কেতিয়াবা চৰাইৰ সাহায্যত বহুত পানীত থকা জীৱ আৰু উদ্ভিজ প্ৰাণী এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে।

 আমি ওপৰত প্ৰাণীবিলাকৰ সাধাৰণত ঘটা শাৰীৰিক অভিব্যক্তিৰ কথা কলোঁ। তাত বাজেও প্ৰাণীৰ মানসিক জগতত যে কি এক আচৰিত অভিব্যক্তি ঘটিছে তাক আলচ কৰিলে আৰু তধা মানিব লাগে। সাগৰৰ বস্তু প্ৰটোপ্লেজোমৰ পৰা ক্ৰমিক অভিব্যক্তি হৈ শেষ ফল মানুহ হল; কিন্তু কি বস্তুৰ পৰা অভিব্যক্তি হৈ মানুহত সোমাই থকা ওখ ভাব আৰু প্ৰবৃত্তিবিলাক—ধৰ্ম্মজ্ঞান, ন্যায় অন্যায় বোধ প্ৰভৃতি উৎপন্ন হল তাক নিৰ্ণয় কৰা টান। মানুহৰ এই বিলাক ভাব-প্ৰবৃত্তি যি মূল উপকৰণৰ অভিব্যক্তিৰ পৰা হৈছে সি কি, তাৰ আলোচনা আমি প্ৰটোপ্লেজোমৰ ভিতৰত প্ৰাণ কৰ পৰা হল, এই কথাৰ আলোচনাৰ নিচিনাকৈ ইয়াতে এৰিলোঁ।

মানৱ জাতিৰ সভ্যতা।

 মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্ৰভেদ এই যে, মানুহ উন্নতিশীল জীৱ, কিন্তু পশুবোৰ তেনে নহয়। এই প্ৰভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্ৰেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিবৰে

৬৫