পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১২
অসমীয়া সাহিত্যৰ চানেকি।

কিন্তু তাৰ হাড়-মূৰ এতিয়াও ৰুচদেশেৰ ফালে মাটিৰ তলত ওলায়। প্ৰাকৃতিক নিৰ্ব্বাচনৰ দ্বাৰাই এই নিয়মে জীৱবিলাকৰ মাজত তাৰতম্য ঘটাৰ দ্বাৰাই সিহঁতৰ এক ডাঙ্গৰ উপকাৰ সধা হব লাগিছে। যিমান প্ৰভেদ বাঢ়িছে সিমান জীৱবিলাক নতুন নতুন জাতিত বিভক্ত হৈছে, সিমান সেই বাবে জীৱন ৰক্ষাৰ কাৰণে কৰা যুজৰ তেজ কমিছে, কাৰণ একে ৰকমৰ জীৱৰ পৰ৷ প্ৰভেদ ঘটি নানাবিধ জীৱৰ সৃষ্টি হোৱাৰ পৰা সিহঁতৰ সংখ্যা কমি সিহঁতৰ মাজত প্ৰতিদ্বন্দিতা লঘু হৈছে। প্ৰকৃতিৰ ইও এক আচৰিত কৌশল!

 আমি আগেয়ে জীৱশ্ৰেণীক এডাল জখলাৰে তুলনা কৰিছোঁ। এতিয়া আকৌ কওঁ যে জীৱসমূহক ঘাইকৈ এডাল ডাঙ্গৰ গছেৰে ভালকৈ তুলনা কৰিব পাৰি। গছডাল মাটিৰ পৰা ওপৰলৈ উঠোঁতে একেডাল ডাঙ্গৰ গুৰি হৈ থাকে, তাৰ ওপৰৰ পৰা বেলেগ বেলেগ ডালত বিভক্ত হয়। গছডালৰ সৰুতে থাকোতে বহুত পোখা ওলাই, কিন্তু সেই এটাই বিলাক নেবাঢ়ে। কিছুমান ৰস নোহোৱা হৈ সৰি পৰে, কিছুমানহে বাঢ়ি ডাঙৰ দীঘল হয়। সিহতৰ পৰা সেইদৰে আৰু বহুত সৰু ডাল হয়, তাৰে কিছুমান মৰে। মৰা ডালবিলাক ভাগি পৰি মাটিত পোত খাই থাকে। আমি জীৱবিলাকৰ যি ক্ৰমিক অভিব্যক্তি অলপ দেখুৱালোঁ সিও ঠিক এনেকুৱাই।

 বহুতে এই অভিব্যক্তিবাদৰ প্ৰতিবাদ কৰি কয়, যে যদি দৰাচলতে সকলো প্ৰকাৰৰ প্ৰাণী মূলতে একেটা উৎপত্তিৰ পৰা জন্মিছে, তেনে হলে আমি জীৱ- শ্ৰেণীকে এনে অঙ্গহীন দেখোঁ কিয়? যদি পৰিবৰ্ত্তনৰ সোঁতত জীৱবিলাকৰ বহুত জাতি লোপ পোৱাৰ বাবে তেনে অঙ্গহীন হৈছে, ভূগৰ্ভত সেই এটাইবোৰ হেৰোৱা অঙ্গৰ চিন দেখ নেযায় কিয়? কিন্তু অলপ ভাবি চালেই বুজিব পাৰি যে আচলত ভূগৰ্ভতত্ত্বৰ এতিয়াও উন্নতি হোৱা নাই। ভূগৰ্ভৰ আৰু কত কি আছে এতিয়াও আমি জানিব পৰা নাই। আৰু এটা কথা, অঙ্গবিলাক একে সময়তে হীন হোৱা নাই, সেই বাবে একে ঠাইতে সিহতৰ চিন পোৱা টান। মাটিৰ তলৰ পৰা এটাইবিলাক লুপ্ত হোৱা জীৱৰ চিন বিচাৰি উলিয়াবলৈ আৰু কত যুগ লাগিব তাক কোনে কব পাৰে? আকৌ এটা ঘাই আপত্তি এই যে, যদি একেটা মূল জীৱৰ পৰা সকলো জীৱৰ সৃষ্টি হৈছে তেনেহলে বিস্তীৰ্ণ সাগৰ আৰু অভেদ্য পৰ্ব্বতমালাৰ দ্বাৰাই পৃথক্‌ হোৱা পৃথিবীৰ বেলেগ বেলেগ অংশত প্ৰায় একে ৰকমৰ জীৱ কৰপৰা হল। এইটো ভাবিব লগীয়া কথা। কিন্তু বৈজ্ঞানিক পণ্ডিত সকলে কয়, যে আজি কালি পৃথিবীৰ ওপৰ ভাগত যেনেকৈ মাটি আৰু