পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৮
অসমীয়া সাহিত্যৰ চানেকি।

হৈয়ে, অনন্ত কালৰ গতিত নানা শ্ৰেণী ভেদ হইছে। প্ৰত্যেক শ্ৰেণীৰ জীৱ, প্ৰাণী জগতৰ ক্ৰমিক উন্নতিৰ প্ৰত্যেক অৱস্থাৰ একোটা গঢ় মাথোন। এই ক্ৰমিক উন্নতি এটা বৰ প্ৰাকৃতিক বিবৰ্ত্তনৰ দ্বাৰাই সধা হৈছে, আৰু সেই বিবৰ্ত্তনৰ এতিয়ালৈকে শেষ ফল মানুহৰ সৃষ্টি। এই ক্ৰমোন্নতিৰ সাধক, পৰিবৰ্ত্তন সদাই চলি আছে আৰু ভবিষ্যতলৈও সেই দৰেই চলি থাকিব।

 এতিয়া এনে প্ৰশ্ন হব পাৰে যে প্ৰকৃতিৰ কি প্ৰণালী অনুসাৰে জীৱজগতত শ্ৰেণীভেদ হৈছে? এই প্ৰণালী এই বিলাক নিয়মৰ দ্বাৰাই গঢ়া। যেনে (১) বৃদ্ধি আৰু পুনৰুৎপত্তি (২) পুৰুষানুক্ৰমিক গুণাধিকাৰ, (৩) বহিৰ্জগতৰ অৱস্থাৰ আৰু ব্যৱহাৰ অব্যৱহাৰৰ তাৰতম্য (৪) জীৱসমূহৰ ঘনবৃদ্ধি, সিহঁতৰ মাজত জীৱন ৰক্ষাৰ নিমিত্তে যুজ আৰু তাৰ ফল স্বৰূপ প্ৰাকৃতিক নিৰ্ব্বাচনৰ দ্বাৰাই হোৱা জীৱচৰিত্ৰৰ প্ৰকৃতি ভেদ আৰু উন্নতিহীন জীৱৰ লোপ। এই কেইটা নিয়ম বৰ গুৰু আৰু বুজিবলৈ বৰ টান, সেই দেখি এই বিষয় অলপ বিশদৰূপে বুজাবলৈ চেষ্টা কৰা যাওক।

 বুদ্ধি আৰু পুনৰুৎপত্তি এই দুটা, গুণ সকলো জীৱৰেই আছে। সময়ৰ গতিত মানুহ, গৰু, ঘোঁৰা, চৰাই, তৃণ সকলো বাঢ়ে আৰু সিহঁতৰ সন্ততি উৎপাদন কৰি জীৱসংখ্যা বঢ়ায়। এই দুটা গুণ নথকা হলে জগতত প্ৰাণী নাথাকিলহেঁতেন।

 দ্বিতীয় নিয়মটি বৰ আৱশ্যকীয়। পৃথিবীৰ সকলো প্ৰকাৰ জীৱই নিজ নিজ গুণ নিজ সন্তান সন্ততিবিলাকক দি যায়। সকলোৱেই দেখিছে যে বহুত মানুহৰ কিছুমান ৰোগ সিহঁতৰ পূৰ্ব্বপুৰুষ বিলাকৰ পৰা অধিকাৰ কৰা। ডাক্তৰী শাস্ত্ৰত এনেকুৱা বহুত ঘটনাৰ কথা উল্লেখ কৰা আছে। উদাহৰণ স্বৰূপে এটা ঘটনাৰ উল্লেখ কৰি এই কথাৰ সত্যতা দেখুউৱা যাওক। এসময়ত অষ্ট্ৰেলীয়া দেশৰ এজন চহা মানুহে তাৰ ভেড়া পোৱালি এটাৰ ঠেং কেইটা আন আন তাৰ সমনীয়া পোৱালিৰ ঠেঙ্গতকৈ ছুটি যেন দেখিলে। ঠেং ছুটি হোৱাৰ পৰা চৰা মানুহটোৱে বুজিলে যে সেই ভেড়া পোৱালিটি ডাঙ্গৰ হলে আন ভেড়াৰ নিচিনাকৈ সি দেও দি চকোৱা পাৰ হৈ পলাব নোৱাৰিব। এইটো বৰ সুবিধা যেন দেখি সেই ভেড়াৰ যিবিলাক পোৱালিৰ সেই দৰে ঠেং ছুটি হল সেই বিলাকক বেলেগে থৈ সিহঁতৰ সন্ততি জন্মোৱালে। তেতিয়া সেই সন্ততিবিলাকৰ ঠেং ছুটি হোৱা আৰু স্পষ্টকৈ দেখা গল। এইদৰে কেবাবাৰো ছুটি ঠেঙ্গীয়া ভেড়াৰ যোৰ মিলাই দিয়াৰ পৰা এবিধ নতুন জাতৰ ভেড়া সৃষ্টি হল। আগৰ পুৰুষৰ গুণবিলাক তাৰ পাছৰ পুৰুষে অধিকাৰ কৰাত কিছুমান নিয়মে কাম কৰে যেনে, মটা জীৱটিৰ বিশেষত্ব সাধাৰণত