পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৭
প্ৰাণীতত্ত্ব।

সেয়ে যথেষ্ট। আমি মুঠতে ইয়াকে জানো যে জড়বস্তুৰ লগত প্ৰাণ লাগি প্ৰাণী হৈছে।

 প্ৰাণীৰ উৎপত্তি আৰু পৰিবৰ্তনৰ গতি নিৰ্ণয়ৰ আবিষ্কাৰ আধুনিক বৈজ্ঞানিক জগতৰ এটি বৰ ডাঙ্গৰ ঘটনা। যেয়ে সেয়ে দেখিছে যে পৃথিবীত মানুহ, বান্দৰ, ঘোঁৰা, হাতী, গৰু, মহ, চৰাই প্ৰভৃতি নানা শ্ৰেণীৰ স্থলচৰ প্ৰাণী আৰু মাছ, কাচ প্ৰভৃতি জলচৰ প্ৰাণী আছে। তাত বাজেও গছ, লতা ইত্যাদি উদ্ভিজ প্ৰাণীও পৃথিবীত আছে। এই এটাই বিলাকৰ যে প্ৰথমতে একে উৎপত্তি ঠাই, এনেকুৱা মেৰ-পাক-খোৱা প্ৰাণী-সুত্ৰৰ যে আদিতে একেডালি মাথোন আঁত আছিল, তাক ভাবিলে ও আচৰিত হব লাগে। সুপ্ৰসিদ্ধ পণ্ডিত ডাৰউইনে প্ৰথমতে এই আচৰিত সত্য উলিয়াই সাধাৰণৰ চকুৰ আগত ডাঙ্গি ধৰে।

 জীৱবিলাকৰ মাজত প্ৰাণৰ পৰিমাণৰ তাৰতম্য থকাৰ বাবে বেলেগ বেলেগ শ্ৰেণীত প্ৰাণীবিলাকক ভাগ কৰিব পাৰি। মছতকৈ হাঁহৰ প্ৰাণৰ পৰিমাণ বেচি, বান্দৰতকৈ মানুহৰ প্ৰাণৰ পৰিমাণ বেচি, সেই দেখি জীব-জখলাত মাছ হাঁহৰ আৰু বান্দৰ মানুহৰ তলৰ খাপত থাকিব। জীৱ জখলাত সকলোতকৈ ওখ ঠাই সম্প্ৰতি মানুহেই অধিকাৰ কৰিছে। পাছত যে কালৰ গতিত নানা পৰিবৰ্ত্তন হৈ এই জখলাৰ অৱস্থা কেনেকৈ লৰে তাক কোনে কব পাৰে? এই জীৱ-জখলাব নিচেই তলৰ খপত প্ৰটোপ্লেজম বা প্ৰাণপঙ্ক নামে এবিধ প্ৰাণী আছে। সমুদ্ৰত ইহঁতৰ উৎপত্তি হয়। সাধাৰণত দেখিলে ইহঁতৰ যে প্ৰাণ আছে তাক বুজা টান, ইহঁতৰ কোনো অঙ্গ বা ইন্দ্ৰিয় নাই ডোখৰ ডোখৰকৈ কাটি দিলেও প্ৰত্যেক কটা অংশই একোটা বেলেগ প্ৰটোপ্লেজম হৈ উঠে, আকৌ কেবাডোখৰ একে লগ কৰি দিলে সেই এটাইবোৰ মিলি এটা জীৱৰ নিচিনা কাম কৰে। কোনো বিশেষ কোষৰ মাজত এই প্ৰটোপ্লেজম উৎপত্তি হলে তেতিয়া নিৰ্দিষ্ট আকাৰৰ এটা জীৱৰ সৃষ্টি হয় তেতিয়া সেই প্ৰাণীক জীৱ-জখলাৰ নীচেই তলৰ খাপৰ ওপৰত ঠাই দিয়া হয়। এনেকুৱা প্ৰথম নিৰ্দিষ্ট আকাৰৰ প্ৰাণীবিলাকৰ অঙ্গ প্ৰত্যঙ্গৰ সিমান ভেদা- ভেদ নেথাকে। জোক কেচু প্ৰায় এই শ্ৰেণীৰ জীৱ। কোনো বস্তু ধৰিব লাগিলে সিহঁতে গাটোৰ এচোৱা দীঘলকৈ মেলি দিয়ে বা কোনো বিপদৰ আশঙ্কা হলে তেতিয়াই গোটেই গাটো কোঁচাই ঘূৰণীয়া বাতলু গুটিৰ দৰে হয়। কোনো আহাৰ খাব লাগিলে আহাৰীয় বস্তুটিৰ চাৰিও ফালে মেৰাই ধৰি তাৰ সাৰ শুহি পেলায়।

 এই প্ৰটোপ্লেজম অৱস্থাৰ পৰা উন্নতি হৈয়েই পৃথিবীত নানা জীৱ জন্তু সৃষ্টি হৈছে। প্ৰকৃতিৰ প্ৰণালীৰ দ্বাৰাই জীৱবিলাকৰ আদিতে একেটা উৎপত্তিৰ ঠাই