পৰস্পৰ সহানুভূতিৰ এই এটা লক্ষণ যে, যাক আমি সহানুভূতি দেখুৱাওঁ সি আমাক ঘুৰি সহানুভূতি নেদেখুৱালে অৰ প্ৰতি আমাৰ আৰু সহানুভূতি নেথাকে। সেই বাবেই, যাক আমি আপোন-পেটীয়া মানুহ বোলোঁ তেনে মানুহে কেতিয়াও লোকৰ পৰা সহানুভূতিলৈ আশা কৰিব নোৱাৰে। পৰস্পৰ সহানুভূতি বিশেষকৈ দুবিধ। প্ৰথমত, আমাৰ বন্ধু বান্ধৱৰ দুখ সুখত সহানুভূতি প্ৰকাশ কৰে। দ্বিতীয়ত, আমি এটা বা দুটাৰ প্ৰতি সহানুভূতি নেদেখুৱাই সহানুভূতিৰ ক্ষেত্ৰ বহল কৰোঁ। কোনো জাতীয় অনুষ্ঠান এটিৰ প্ৰতি আমাৰ যি সহানুভূতি হয়, সেইয়ে এই বিধৰ।
এতিয়া কেনে তাৱস্থাত আমাৰ সহানুভূতি জন্মিব পাৰে তাক দেখা যাওক। পৰস্পৰ সহানুভূতি হব লাগিলে, দুয়োপক্ষৰ মেজাজ, মনৰ ভাবৰ ঐক্য হব লাগে, আৰু দুয়োপক্ষৰ মাজত ঘনিষ্ঠতা হব লাগে। সহানুভূতিতকৈ দয়া (Pity) অলপ বেছি। দুখত পৰা, নিঃসহায় মানুহলৈ আমাৰ কোমল, মৰম ভাব এটি ওপজে, সেয়ে দয়া। দয়া সহানুভূতিৰ এবিধ বলী অৱস্থা, অৰ্থাৎ সহানুভূতি বাঢ়িলে বা গাঢ় হলে দয়াত পৰিণত হয়। এনেকুৱা সহানুভূতি দেখুওৱাত সদায় আনন্দৰ চিন। থাকে; সেই দেখিয়েই কোনো কোনো মনোবিজ্ঞানবিৎ পণ্ডিতে Luxury of Pityৰ কথা উল্লেখ কৰে।
আমি আগেয়ে কৈছো, যে কম বয়সৰ পৰাই লৰাৰ মনত সহানুভূতিৰ উদ্ৰেক হয়। ডাৰউইনে কৈছে, তেওৰ ছমহীয়া লৰা এটিয়ে, তাৰ ধাইজনীয়ে কান্দিব খুজিলেই ফেকুৰিবলৈ ধৰে। ক্ৰমে যিমান অভিজ্ঞতা বাঢ়ে সিমান লৰাৰ সহানুভূতিৰ বিকাশ হয়। লোকৰ দুখ দেখি বা দুখৰ কথা শুনি আমাৰ প্ৰথমেই দয়া জন্মে। সৰু লৰাৰ আগত আন কোনো মানুহৰ কষ্টৰ কথা কলে সি সদায় বেজৰব চিন দেখুৱাই। লৰাই সোনকালে লোকৰ দুখ বুজিব পৰিলেও আনৰ সুখ অলপ ডাঙ্গ হলেহে বুজিব পাৰে। যিমান লৰাই দয়া দেখুৱাবলৈ ধৰে, সিমান ক্ৰমে পাছত সি লোকৰ সুখৰ কথা ধাৰণ কৰিব পাৰে। কাৰণ, দয়া হলে সদায় আনৰ দুখ গুচি সুখ হোৱাহে দেখিবলৈ আমি বাঞ্ছা কৰোঁ। প্ৰথমতে নিজৰ ঘৰত হে লৰাৰ সহানুভূতিৰ কাম কৰে। পাছত তাৰ যিমান অভিজ্ঞতা, বুদ্ধি আৰু অনুভৱ কৰিব পৰা শক্তি বাঢ়ে সিমান সহানুভূতিৰ ক্ষেত্ৰ বহলহৈ যায়। যি লৰাই ঘৰৰ ভাই ভনী আৰু মাক বাপেককহে সহানুভূতি দেখুৱাব জানিছিল, পাছত সি বাটৰুৱা মগনীয়া আৰু দুখীয়া বন কৰা মানুহৰ প্ৰতিও সহানুভূতি দেখুৱাবলৈ ধৰে। শেষত ক্ৰমে সহানুভূতিৰ বিকাশ হৈ তাৰ শেষ সম্পূৰ্ণাৱস্থা Benevolence ত।
পৰিণত হয়।
৬৪