পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৭৪ অসমীয়া সাহিত্যৰ চানেকি। economy পুথিৰ দিনত কৃপাবৰ বৰুৱাই যে ছুটিকৈ K. Barooah নেলিখিব ই হবই নোৱাৰে। নাম ছুটিকৈ লেখাত যি আপত্তি কৰে, তেওঁ বৰবৰুৱাৰেসৈতে ৰণ দিয়ক, নতুবা তেওঁক বৰবৰুৱাই শুদাই নেৰে। অসমীয়া জাতি যুজাৰু জাতি। মাছ-পোহাৰীয়ে সৈতে যুদ্ধ বা “ঢেৱাই” কৰি মাছ কাঢ়ি নিয়া অসমীয়া মহীৰাম কনিষ্টবলেই তাৰ প্ৰমাণ। সঙ্গীতত, অনুৰাগ।-আনৰ কথা নকওঁৱেই অসমৰ ডোম-গাঁওত ডোেমৰ লৰা পৰ্যন্ত শয়নে, সপোনে, সচেতে “অধোমুখে ৰইলি কেন” গান গাই গছৰ পাত সৰায়। ঢোলোক তবলাৰ তে “গুন্ গুন্ টেৰেকেটা ধেই’ৰ কথাই নাই। ইত্যাদি অসংখ্য গুণ বৰবৰুৱা ডাঙ্গৰীয়াই অসমীয়া জাতিৰ গাত দেখুৱাব পাৰে, যিবিলাকৰ দ্বাৰাই প্ৰমাণ হয় যে অসমীয়া জাতি, ডাঙ্গৰ জাতি। বৰবৰুৱা চাহাব শ্ৰীকৃপাবৰ। সন্ধ।। পিন্ধি কলা সাজ সন্ধ্যা আই লাহে লাহে চৰণ চলায় ৰঙ্গ মনে হল উপিগতা। যেনে, সজাইয়া নিজ অঙ্গ, নৱবধু কৰি ভাব ভঙ্গ, পতি পাশে যায় লজ্জাম্বিতা। শোভিছে খোপাত নানা ফুল, মনোহৰ গন্ধত আমোল, মনক যি বলিয়া কৰিছে। কদম কেতকী কৰবীৰ ৰূপহী মালতী, জাই ধীৰ, মিটিকাই হাহিক মাৰিছে। জোনাকী পৰুৱা সাতসৰি জ্বলিছে ডিঙ্গিত শাৰী শাৰী জিলিকনি ধৰয় চকুত।