পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া জাতি ডাঙ্গৰ জাতি। ৪৭ মুদি আৰু কালুমুকুন্দ কেঞাৰ ব্যৱসায়ত ধৰি যাউতিযুগীয়া মান-মৰ্যাত ফেৰাও। হেৰুৱাব লাগে? দেহি, এনে উপদেশ অত দিনে কোনটো খুনপাকত সুমাই থৈছিলা? বৰবৰুৱাই কিন্তু ভাই অসমীয়াক এই শকুনিবিলাকৰ কথা শুনি পাশাখেলত নবহিবলৈ সাৱধান কৰি দিছে। ইহঁতৰ কথা আজি শুনিলে, কাইলৈ ইহঁতে মৰা গৰুৰ ছাল বখলিওৱা মুচী বা চমাৰ হবলৈ অসমীয়াক উপদেশ দিব, নাইবা বাৰ বছৰ বনলৈ খেদি অসমীয়াৰ ভেটি মাটি ঘৰ দুৱাৰ সোপাকে কাঢ়ি লব। ধৰ্ম্মতঃ অসমীয়া জাতি ডাঙ্গৰ জাতি। কেয়। মুদি বিধিমতে তেওঁবিলাকৰ যোগনীয়াৰ। কত শুনিছা ডাঙ্গৰীয়াক লগুৱাৰ কাম কৰিবলৈ পৰামৰ্শ দিয়া। বিয়াৰ পক্ষেও এই কুৰবুধীয়াবিলাকৰ কথা নুশুনিবলৈ বৰবৰুৱাই দেশী ভাইসকলক কয়। বৰবৰুৱাৰ পৰামৰ্শ :--দেশত বহু-বিবাহ, বাল্যবিবাহ, আদি যিমান পাৰে, সিমান চলক। শিক্ষিতবিলাকে এই কাৰ্যৰ গুৰি ধৰক। অসমৰ মাটি দম, মানুহ তাকৰ, আমাক মানুহ বেছিকৈ লগা হৈছে। কোনোৱে কয়, “অসমীয়া পঢ়া-শুনাত বেচি মনোেযোগী নহয়।” নহবতো। খাবলৈ নোপোৱাৰ পক্ষেহে পঢ়া-শুনা। জমিদাৰৰ লৰাৰ, ডাঙ্গৰীয়াৰ লৰাৰ খাবলৈ ভাত নাইনে পিন্ধিবলৈ কাপোৰ নাই, যে পঢ়ি-শুনি ঢৱাকোৱা হব লাগিছে? আকৌ কয়——“বিলাতী সভ্যাত পণি অসমীয়াই মদ মাংসাদি অভক্ষ্য ভক্ষণ কৰিবলৈ শিকিছে।” আচ্ছা বলনেৱালা! যি মানুহৰ এই ফেৰা জ্ঞান নাই যে মদ-মাংস নেখালে জাতি ডাঙ্গৰ হব নোৱাবে, তাক আৰু বৰবৰুৱাই কি বুলি সম্বোধন কৰিব? বৰ্তমান ডাঙ্গৰ সভ্য জাতিমাত্ৰকে মদমাংস-ভোজী; গ্লেড ষ্টোন চাহাবেও মদ মাংস খাইহে প্লে-ষ্টোন্ হব পাৰিছে। আৰ্যবিলাকে মদ মাংস (সোমৰস আৰু গোমাংস ) খোৱালৈকে স্বাধীন ডাঙ্গৰ জাতি হৈ আছিল, যেতিয়াই কুমতিয়ে পাই সেইবিলাক এৰিলে, তেতিয়াৰ পৰাই তেওঁবিলাকৰ পতন আৰু পৰাধীনতা। বাৰু, যদি দেশত এই কাৰ্য্য চলিত নাই বুলি তুমি আপত্তি কৰা, তেন্তে খাইবৈ উঠি দিনৌ “ভক্ষাভক্ষজনিত পাপ” বুলি এধেনু এধেনু পৰাচিত হলেই দেখোন লেঠা ছিগে। বিশেষ, “ঔষধাৰ্থে” বচন আছেই; আকৌ “নেখালে অমাৰ নৰীয়া হয়” কথাও আছে; তেন্তে ক্যাবৎ? বৰবৰুৱাৰ মতে, অসমত যে আকৌ পূৰ্ব পুৰুষসকলৰ প্ৰিয় বস্তু মদ মাংসৰ প্ৰচাৰ হৈছে, ই উন্নতিৰ চিন হে। চুলি কটা, এলবাৰ্ট ফেশ্য কৰা, পটলুং-কোট পিন্ধা, এবাদুখৰীয়া ইংৰাজীকৈ নাম ছুটিকৈ লেখা, এই বিলাক গোটেই উন্নতিৰ লক্ষণ। বাস্তৱিকতে, political