৪৬ অসমীয়া সাহিত্যৰ চানেকি। অসমত দমাই ডাঙ্গৰীয়া নাছিল স্বীকাৰ কৰোঁ, কিন্তু আজি কালি ইমান ডাঙ্গৰীয়া বাঢ়িছে, যে অসম বৰপুখুৰী ডাঙ্গৰীয়া-লালুকীৰে কলা পৰি আহিছে। তিনিজনা ডাঙ্গৰীয়া, বৰ বৰুৱা, চৰাৰ ছয় ফুকন, আৰু বাৰজনা ৰাজখোৱা আগেয়ে অসমৰ ঘাই ডাঙ্গৰীয়, আৰু তেও বিলাকৰ কাষৰে পাঁজৰে কিছুমান পালি-ডাঙ্গৰীয়া আছিল। আজি কালি কিন্তু সেই কেনা ডাঙ্গৰীয়াৰ পৰা পৰোক্ষেই বা অপৰোক্ষেই অষ্টাদশ অক্ষৌহিনী লেখী-ডাঙ্গৰীয়া আৰু পিজলা-ডাঙ্গৰীয়া হৈ অসম দেশখন উড়াই বাঁহগছৰ আগ পোৱাইছেগৈ। দেশৰ ই এটা উন্নতিৰ প্ৰধান চিন্ নহয় নে? Aristocracy অৰ্থাৎ ডাঙ্গৰীয়া সকলেই দেশৰ ইড়া- পিঙ্গল-সুষুম্না নাড়ী। এই ত্ৰিনাড়ীয়েই মনুষ্যজীৱনৰ ত্ৰিবেণী। ত্ৰিবেণী যদি সহস্ৰবেণী হৈ গোটেই অসম দেশক স্নান কৰায়, তেন্তে ইয়াতকৈ আৰু মঙ্গলৰ চিন্ কি হব পাৰে? জাতীয় ডাঙ্গৰতাৰ লক্ষণ বিলাকৰ সম্পৰ্কে অলপ অলপ কোৱা যাওক। তেজ।—কোনে কব পাৰে যে অসমীয়াৰ তেজ ইংৰাজ, ফ্ৰেন্স, এমেৰিকান আৰু জৰ্ম্মান জাতিতকৈ কম। ৰসায়নশাস্ত্ৰ জনাসকলে পৰীক্ষা কৰি বঢ়িয়াকৈ জানিব পাৰিব যে এই কেই দেশৰ মানুহৰ তেজত যি যি কেইটা পদাৰ্থ আছে, অসমীয়া মানুহৰ তেজতো সেই সেই কেইটা পদাৰ্থই আছে। বিশেষ চাহাবৰৰ তেজ ৰঙ্গা আমাৰৰ তেজ ৰঙ্গা। সূক্ষমদৰ্শী বিচক্ষণ বনৰজাই ৰক্তপান কৰিবৰ সময়ত চাহাব আৰু অসমীয়াৰ মাজত নিৰপেক্ষ বিচাৰ কৰে। জনাথন আৰু জনাৰ্দন, ব্ৰিটিচ-বৰ্ণ (British born) আৰু বনগাঁও-বৰ্ণ, এণ্ডু পে আৰু এন্ধাৰু পদো, হে বুট আৰু জাপি ফানটি, চুৰট পাইপ আৰু হোকা গুৰগুৰী, এইবিলাকৰ মাজত পাৰ্থক্য উলিয়াই উক্ত মহাৰাজ ৰাজাধিৰাজ কাননৰাজে অলপপা পক্ষপাতিতাচৰণ নকৰে। মুঠতে কবলৈ গলে, তেও ইলবাৰ্টবিল নেমানে অৰ্থাৎ তেওঁৰ মনত ইলবাৰ্টবিল আৰু গেলাবিল সমান। • | বল।-বলৰ পাকেও অসমীয়াক পেলাওতে নাই। কাৰণ অসমীয়াই শাৰীৰিক বলতকৈ দৈব বল বা কপালত বেচি নিৰ্ভৰ কৰে। শাস্ত্ৰত কৈছে “দৈববলাৎ এব বলং। বস্তুত বুঢ়ালোকে কয়, “মাঘমহীয়া কল, পুহমহীয়া জল, ইয়াক খায় যি তাৰ সাত ভটৰাৰ বল।” অসমীয়াক জল কলে জল। কলা কৰি যে থৈছে, মাহেকীয়াৰ পৰা আঠীয়া কল খোৱা বাহুবলী বৰবৰুৱাই তাৰ প্ৰকৃষ্ট প্ৰমাণ। সহিষ্ণুতা।এই গুণ অসমীয়া জাতিত যিমান আছে, বঙ্গালীৰ বাহিৰে আন কোনো জাতিত সিমান আছে নে নাই ঠিক নাই। এই পাকেও অসমীয়াক মানুহ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩১
অৱয়ব