অসমীয়া জাতি ডাঙ্গৰ জাতি।
যি এই কথাত নুই কৰে তেওঁক বৰবৰুৱাই চমন বা ‘গিলিপ্দাৰী’ পৰণা দি ‘গিলিপ্দাৰ’ কৰি ধৰি আনিব, কিয়নো তেওঁ নুই কৰে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবৰুৱাই কয়, অসমীয়া জাতি ডাঙ্গৰ জাতি। ডাঙ্গৰ জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্গৰ লক্ষণ এটাইকেটা অসমীয়া জাতিৰ গাত—পোৱা যায় দিলে হাত। অল্পমতি অমুকৰ চকু-যাঠিত এই ডাঙ্গৰ লক্ষণ নপৰিব পাৰে, কিন্তু মহামতি বৃহৎ বৰুৱাৰ চকু-শক্তিশেলত যে এই লাখটকীয়া লক্ষণ-লক্ষণ নপৰিব তাৰ মানে দিবলৈ কোনো অভিধানে ব্ৰহ্মাৰ বৰ পাই অহা নাই। কি কথাত খোপনি পিটিনো অসমীয়া জাতিক লঠীয়া দি ডাঙ্গৰ জাতিৰ শাৰীলৈ বগৰাই দিয়া হৈছে, তাক কোৱা ভাল। সেই গুণে কোন কোন গুণে অসমীয়া জাতিক টানি উজাই নি ডাঙ্গৰ জাতিৰ শাৰী পোৱাইছে গৈ, বৰবৰুৱাই তেওঁৰ মনৰ পৰা তাক উদ্ধৃত কৰি বা টুকি তলত দিলে।
কোনো এটা জাতিক ডাঙ্গৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক। জাতীয় ডাঙ্গৰতালৈ সেই সজুলিবিলাক নহলে নহয়। কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰ পেৰা সাজিব নোৱাৰে। জাতীয় বৰ পেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰী, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্ম্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভগজাল লাগে। অসমীয়াৰ জাতীয় বৰ পেৰালৈ এইবিলাক পূৰাপূব আছে। তেন্তে নো অসমীয়া জাতি ডাঙ্গৰ জাতি নহব কিয়? অসমীয়া জাতি ডাঙ্গৰীয়া-জাতি। জাতিক ডাঙ্গৰীয়া কৰিবৰ হলে যি যি বিলাক উপকৰণৰ আৱশ্যক সেই বিলাক অসমীয়া জাতিৰ সমান ভাৰতবৰ্ষৰ আন আন জাতিত আছে নে নাই সন্দেহৰ বিষয়। সন্দেহৰ বিষয় কি, নায়েই। কোনোৱে কয় ডাঙ্গৰ জাতিৰ আৰু গোটাচেৰেক লক্ষণ আছে; বৰবৰুৱাইও কয় তথাস্তু। যথা, দেশ-গৌৰৱ, বংশগৌৰৱ আৰু আত্ম-গৌৰৱ, অনুসন্ধানেচ্ছা, আত্মবিসৰ্জ্জন আৰু পৰোপকাৰিতা। অসমীয়া জাতিত এই কেইটাৰো ষোল কলা বৰ্ত্তমান। প্ৰমাণৰ ভাৰ বৰবৰুৱাৰ গাত, দেখি শুনি, বিশ্বাস কৰি সাধু সাধু বুলি বৰবৰুৱাক শলগাৰ ভাৰ তোমাৰ আৰু তোমাৰ তেওঁৰ গতি।
অসমীয়া জাতিক নো ডাঙ্গৰীয়া জাতি বুলিছোঁ কিয়, কৈ দিওঁ। অসমত ডাঙ্গৰীয়াৰ ভাগ সৰহ। গাৱেঁ গাৱেঁ নগৰে নগৰে ডাঙ্গৰীয়া বৃন্দ বৃন্দ। আগেয়ে ৰজাৰ দিনত