সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৪
অসমীয়া সাহিত্যৰ চানেকি।

সখীয়েকৰ আগত তেওঁৰ মনৰ ভাব এতিয়া তেওঁ এডোখৰ এডোখৰহে প্ৰকাশ কৰিব পাৰে।

 পাঠক এই কথা শুনি আপুনি এনে নেভাবিব, যে পবিত্ৰ আৰু সৰলতাৰ প্ৰতিমূৰ্ত্তি পদুমৰ হিয়াত পাপ ৰাক্ষস প্ৰৱেশ কৰিলে। এতিয়াও তেওঁৰ মুখ, ধৰ্ম্ম আৰু সাধুতাৰ কান্তিৰে পোহৰ, এতিয়াও তেওঁ সৰলতা, পৱিত্ৰতা আৰু মধুৰতাৰ প্ৰতিমা। যি পৰিবৰ্ত্তনৰ কথা কৈছোঁ, এই পৰিবৰ্ত্তন কেৱল স্বাভাৱিক পৰিবৰ্ত্তন। মলয় বতাহ বোৱা, গোলাপ, কেতকী, মল্লিকা মালতীৰ ন গোন্ধেৰে আমোদিত কুলিৰ হৃদয় উদ্দীপক মাত আৰু ভোমোৰাৰ গুন্-গুন্ ধ্বনিৰে প্ৰতিধ্বনিত, আমগছৰ কোমল নতুন কুঁহি পাতেৰে পৰিপূৰ্ণ, কুঞ্জলতাদিৰে ঢকা ৰম্য যৌৱন বাগিচাত লাহে লাহে ৰাজহংস গতিৰে তেওঁ প্ৰথম প্ৰবেশ কৰাতহে তেওঁৰ ভাৱৰ এই অভূতপূৰ্ব্ব পৰিবৰ্ত্তন। এই পৰিৱৰ্ত্তনে তেওঁৰ আগৰ দুগ্ধ ফেন সদৃশ গালত সেন্দুৰ ঢালিলে, নিৰ্ম্মল চকুত পৱিত্ৰ প্ৰেমৰ জ্যোতি দিলে, লৱনুৰে ভৰা কোমল, হিয়াত ভালপোৱা জুইৰ অলপ তাপ দিলে; শৰীৰৰ অঙ্গ প্ৰত্যঙ্গ বিলাকত লাৱণ্য, সুস্থতা, আৰু সৌন্দৰ্য্য প্ৰদান কৰিলে। মুঠতে কবলৈ গলে, পদুম এতিয়া হেজাৰ গুণে পদুমী হল।

 পদ্মৰ ককায়েক ৰঘুৰ এতিয়ালৈকে পাঠকে সৈতে চিনাকী কৰি দিব পৰা নাই, পাঠক, খং নকৰিব। লাহে লাহে তেওঁৰ সৈতে আপুনি চিনাকী হৈ থাকিব; সম্প্ৰতি তেওঁৰ বিষয়ে আমি দুষাৰমান কৈয়েই এই অধ্যায় শেষ কৰিম। ৰঘু কুৰি-বছৰীয়া উদ্ধত ডেকা; ডেকাতেজৰ বলত বনৰীয়া মহ ফুৰাদি ফুৰে। মাক বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই। কোনো এটা কাৰ্য্য ভবাতকৈ তেওঁ কৰাটো বৰ উজু পাই। তেওঁ দেখিবলৈ বেয়া নহয়; এক প্ৰকাৰ ধুনীয়াই বুলিব পাৰি; কেৱল বাওঁ চকুটোত অলপমান ফুল পৰা দোষ আছে। দাড়ি গোফ ঠুটিয়াইছে, ভালকৈ গজি উঠা নাই। পদুমলৈ তেওঁৰ কিমান মৰম আছে কব নোৱাৰোঁ ( অধিক থাকিবৰ কথা ) কিন্তু পদুমৰ ওপৰত হলে তেওঁ বৰ প্ৰভুত্ব চলাবলৈ বিচাৰি ফুৰে। সেই বুলি পদুমে ককায়েকক যে মান্য নকৰে এনে নহয়, তেওঁ ককায়েকৰ মৰমতে পমেহে।