পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৩
পদ্ম কুমাৰী।

ইয়াত তেওঁৰ নিচেই কম হাত আছে বুলি নেভাবে। কাৰণ কোনো তিৰুতাই নিজক অসুন্দৰী আৰু আনক সুন্দৰী বুলি নেভাবে। অকল তিৰুতাৰ সভাত, পুৰুষৰ সাহায্য নললে, এই প্ৰশ্নৰ মিমাংসা হব নোৱাৰে, গতিকেই এই কথাত আমাৰ ভাগ থাকিল বুলি সুন্দৰী সকলক লাহেকৈ কৈ থওঁ।

 এই বিলাক বাজে কথাৰ ঢৌৱে কোবাই আমাক ঘাই কথাৰ পৰা বহুত আঁতৰত পেলালেহি, আকৌ ঘাই কথাৰ ওচৰ চপা যাওক। পাঠকে সুধিব পাৰে বোলে, বীৰদত্তক দেখিবলৈ ভালবেয়াৰ কথা যে আপুনি ইমান খন গালে, তেওঁৰ নো গঢ় কেনেটো আমাক কওক চোন? শুনক,তেওঁৰ মূৰটো এটা ৰঙ্গালাওৰ নিচিনা; যদিও তেওঁ পাহ কাতি দীঘল চুলি ৰাখিছে তথাপি তেওৰ তালুখনত ধান মেলি শুকাব পাৰি , গোফ মেকুৰীৰ গোফৰ নিচিনা; বৰণ চুৱা চৰুৰ তলিতকৈ অলপহে পোহৰ; চকু দুটা সৰু; নকটে। হাকোটাটো যেন; গাল মেৰোটা মেৰুটি, হনু ওলোৱা; হাত-ভৰি বৰ বৰ একোটা ইত্যাদি। বাস্তৱিক পক্ষে বীৰদত্তক হৰদত্তৰ ভায়েক বুলি কোনো প্ৰকাৰে নেজানি। সেই বিলাক যেইকি বা নহওক, বীৰদত্তৰ এটা সদগুণ আমি উল্লেখ নকৰিলে তেওক অন্যায় কৰা হব। তেওঁ ককায়েকৰ কথা কেতিয়াও অমান্য নকৰে আৰু তেওঁৰ যদি সঁচা সঁচিকৈ কাৰবালৈ অলপ স্নেহ আছে, সেই স্নেহ ককায়েকলৈ। বীৰদত্তক আমি ইমানতে এৰি, আমাৰ নায়িকা হৰদত্তৰ জীয়েকে সৈতে পাঠকক চিনাকী কৰি দিওঁহঁক। পাঠক! নামটো শুনিয়েই আপুনি যাক ভাল পাব খুজিছিল, আপোনাৰ সেই পদুমেই এই হৰদত্তৰ জীয়েক। আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত পদুমে ১৪ বছৰ পৰ হৈ ১৫ বছৰত ভৰি দিছে। মাকৰ মৰম, বাপেকৰ ভালপোৱাৰ বাহিৰে আগেয়ে যি পদুমে সংসাৰত আৰু কিবা বস্তু আছে বুলি সমাজিকতো নেজানিছিল, সেই পদুমৰ হৃদয় এতিয়া কিবা এটা ভাবেৰে উদ্বেগিত। আগৰ দৰে কোনো এটা কামতে সৰহ বেলি মন লগাই তেওঁ থাকিব নোৱাৰে; হেজাৰীঘোষা পুথি পঢ়িবলৈ পালে যি পদ্মই ভাত-পানী খাবলৈ পাহৰিছিল, তাঁত-সূত বোৱা, পাঁজিকটা, দৰা কন্যা সজা আদি কামত যি পদুমে মন প্ৰাণ উছৰ্গিছিল, সেই পদুমৰ মন আৰু এতিয়া সেই বিলাক কামত নাই। তেওঁৰ মনো-ৰাজ্যত প্ৰৱল চোৰ-ডকাইতৰ উপদ্ৰৱ হবলৈ আৰম্ভ হৈছে; কেনেকৈ তেওঁৰ মন স্থিৰ থাকে? তেওঁ এতিয়া আগৰ নিচিনাকৈ বাপেক মাকৰ আগত কথা কবলৈ সংকোচ কৰে; ককায়েক আৰু দদায়েকৰ মুখলৈ চাই কথা কব লাগিলে বৰণ সলায়। যি সমনীয়া সখীয়েকৰ আগত আগেয়ে তেওঁ হিয়া উবুৰিয়াই কথা কৈছিল সেই