হৈছিল, এনে গুৱাহাটীত হৰদত্ত নামে এজন ধনী, প্ৰতাপী সন্ত্ৰান্ত কায়স্থকুলোদ্ভৱ লোক ১৭১৭ শঁকত বাস কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত এই কেইটি লোকঃ- তেওঁৰ অতি গুণৱতী আৰু ধাৰ্ম্মিক সহধৰ্মিণী, এটা লৰা, এজনী ছোৱালী আৰু বীৰদত্ত নামে ভায়েক। সেই সকলৰ কথা কোৱাৰ আগেয়ে হৰদত্তৰ বিষয়ে অলপ কোৱা যাওক।
আমি যি সময়ৰ কথা কবলৈ আৰম্ভ কৰিছোঁ, সেই সময়ত হৰদত্তৰ বয়স ৫৬ বছৰ। কিন্তু তেওঁৰ মুখ দেখিলে তেওঁক ৩৫ বছৰীয়ামান বুলিহে অনুমান হয়। তেওঁৰ ঘন কলা চুলিৰে ভৰা ডাঙ্গৰ মূৰত বগা চুলি এডালো বিচাৰি পাবলৈ নাই; তেওঁৰ বয়সীয়া মানুহৰ গাত এলাহ, সুখৰ ইচ্ছা আদি যি বিলাক গুণ বা অগুণে বাস লয়, সেই বিলাকৰ নাম পৰ্য্যন্ত তেওঁৰ গাত নাই; চকুৰ সেই ডেকা কালৰ জ্যোতি, বহল বগা কপালত সেই মসৃণতা, শকত হাত ভৰিত সেই দৃঢ়তা বৰ্ত্তমান। সৰ্ব্বসাধাৰণ সুখীয়া ডাঙ্গৰীয়া সকলৰ নিচিনা যদিও তেওঁৰ গা থুলন্তৰ আৰু মঙ্গহাল, তথাপি সেই সকলৰ দৰে এৰিবও নোৱৰা, ধৰিবও নোৱৰা, ৰদৰ ভাপতে পমা, মঙ্গহৰ বোজা তেওঁৰ গাত নাই। তেওঁৰ মঙ্গহ কেৱল মনুষ্যত্ব, বীৰত, অসীম উদ্যম, অদম্য কাৰ্যকৰী শক্তি, তেজ, বীৰ্য্য, আৰু বলৰ থকা ঠাইহে। বাস্তৱিক পক্ষে কবলৈ গলে হৰদত্ত এজন উন্নতমনা, প্ৰশস্তহৃদয়, আৰু বুদ্ধিমন্ত ডাঙ্গৰলোক আছিল। তেওঁক কেতিয়াও নেদেখা, তেওঁৰ নাম নুশুনা এটা মানুহেও যদি তেওঁক হঠাৎ দেখে সেই মানুহৰ মনতো তেওঁৰ প্ৰতি ভয়, ভক্তি আদি ভাব নহৈ নোৱাৰে। তেওঁৰ গহীন মাত; ওখ আৰু শকত আকৃতি, গধুৰ আৰু জুখি-জুখি-কোৱা কথা; যেনেকি ডাঠ মনৰ মানুহটো নহওক, দুষাৰ কথাৰে ঘোৰাব পৰা ক্ষমতা; লোকক তধা লগোৱা কাৰ্য্য; মনৰ দৃঢ়তা; আপোনাৰ কথা প্ৰাণপণে ৰখা স্বভাৱ আদিক, দাম্পত্য প্ৰণয়, অপত্যস্নেহ, বন্ধুবান্ধৱৰ প্ৰতি আগ্ৰহ, স্বদেশ-প্ৰিয়তা প্ৰভৃতি কোমল ভাবে গৌৰৱান্বিত কৰি থৈছিল। দুৰ্দ্দান্ত বিদ্ৰোহী মোৱামৰীয়াবিলাকৰ হাতত তেওঁৰ, প্ৰিয় জন্মভূমি গুৱাহাটী লণ্ডভণ্ড নোহোৱাকৈ ৰাখিবলৈ তেওঁৰ অতি যত্ন থকাত তেওঁ দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণে সৈতে গোট খাই যুদ্ধবিদ্যাত লিপ্ত থাকিব লগাত পৰিছিল দেখিয়েই, বোধ কৰোঁ, তেওঁৰ স্বভাৱত কেতিয়াবা কেতিয়াবা কৰ্কশতা, নিষ্ঠুৰতা, মই-মত আৰু কাৰো কথা নুশুনা গতি এটা দেখিবলৈ পোৱা যায়; কাৰণ যুদ্ধ তামসিক কাৰ্য; তামসিক কাৰ্য্য তামসিক ভাবৰ জন্মদাতা; তাৰ আগত সাত্বিক আৰু ৰাজসিক ভাবৰ পূৰ্ণ বিকাশ হব নোৱাৰে। সি যি হওক, স্বাভাৱিকেই হওক বা অৱস্থানুযায়ীয়েই হওক, হৰদত্তৰ