পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৯
পদ্ম কুমাৰী।

বন্ধোৱা বুকুৱেও সহিব নোৱাৰ ইমান একোটা হাড়-মূৰ ভাগি যোৱা দীঘল হুমুনিয়াহ লৱনুৰে সজা সেই কোমল হিয়াৰ পৰা কেনেকৈ ওলাইছে? তেওঁ কিয় হালি আছে? পোন হৈ থাকিলে, ভোমোৰাৰ কঁকালটিৰ নিচিনা সৰু সেই কঁকালটিয়ে তেওঁৰ বুকুৰ ভৰ সহিব নোৱাৰেনে কি? দাম কলৰ পুলি যেন সেই উৰু, সেই শকত নিতম্ব আজি অলস আৰু অৱশ কিয়? পদুম ফুলৰ চিনেৰে শুৱনী ভৰি! আজি তোমাৰ পদুমৰ কি হল? কেৱোঁচোন কোৱা হেৰা চম্পাৰ কলি আঙ্গুলী! চেনেহৰ প্ৰতিমূৰ্ত্তি পদুমৰ, মৰমৰ আকৰ পদুমৰ, পূৰ্ণিমাৰ জোন চিকোন পদুমৰ, পৱিত্ৰতাৰ মন্দিৰ পদুমৰ আজি এনে অৱস্থা কিয়? অকস্মাৎ পূৰ্ণচন্দ্ৰক বিষাদ-ৰাহুৱে কিয় গ্ৰাস কৰিলে? পৱিত্ৰতা-মন্দিৰৰ মেঘত গা সোণৰ কলচীৰ ওপৰত হঠাৎ চিন্তা-বজ্ৰাঘাত হল কিয়? চেনেহ প্ৰতিমাত টাঙ্গোন লগাবলৈ শোক-পোৰাসুঠান কৰ পৰা আহি ওলালহি? মৰম-আকৰ আজি বেজাৰ-বিহেৰে ভৰিল কেনেকৈ?

 পাঠক অলপ থিৰ হওক। লাহে লাহে সকলো প্ৰশ্নৰ উত্তৰ পাব। আপোনাৰ মৰমৰ পদুমৰ কিয় এনে হৈছে, তাৰ কাৰণ শুনাৰ আগেয়ে পদুমনো কোন? কাৰ জীয়েক? কৰ মানুহ? কি কথা, কি বাৰ্ত্তা? এই বিলাকৰ বিষয়ে অলপমান শুনক। আগেয়ে পদুমৰ বাপেক মাক বংশ পৰিয়াল আদিৰে চিনাকী হওক, তাৰ পাচত পদুমৰ ওপৰত মৰম স্থাপন কৰিব। কেচাবুধীয়া, আগপাছ নগমা ডেকা পাঠক! আপুনি এই কথাত কোপ কৰিব পাৰে, কিন্তু পকা-বুধীয়া বুঢ়া পাঠকৰ পৰা যে আমি ইয়াত সহানুভূতি পাম, তাত কোনা সন্দেহ নাই।

 প্ৰকৃতিৰ কাম্য-কানন, গগনভেদী পৰ্ব্বতমালাৰে পৰিবেষ্টিত, পৱিত্ৰ-সলিল ব্ৰহ্মপুত্ৰ নদৰ পৱিত্ৰ জলেৰে বিধৌত, অসংখ্য তীৰ্থস্থানেৰে সমাকীৰ্ণ কামৰূপৰ প্ৰধান নগৰ গুৱাহাটীত, যাৰ প্ৰাগ্‌জ্যোতিষ নাম ভুবন বিদিত, যাৰ ৰজা, ষোল হাজাৰ কন্যাৰ অধিপতি পৃথিবীৰ পুত্ৰ নৰকাসুৰ আৰু মহাভাৰতৰ যুদ্ধৰ বিখ্যাত হস্তী-ৰথাৰোহী মহাবীৰ বৃদ্ধ ভগদত্ত, যি গুৱাহাটীৰ নিলাচল পৰ্বতত মহামায়া ভগৱতীৰ প্ৰধান পীঠস্থান কামাখ্যা বৰ্ত্তমান; যাৰ পশ্চিম-দক্ষিণ ফালে প্ৰাচীন ৰাজ্যৰ বিজয়ঘোষণাকাৰী নৰকাসুৰৰ পৰ্ব্বত নিৰ্ভয় চিত্তে দণ্ডায়মান, যাৰ অগ্নি-কোণৰ সন্ধ্যাচল পৰ্ব্বতত ত্ৰিসন্ধ্যা-পৰিপূত-হৃদয় পৱিত্ৰাত্মা বশিষ্ঠ মুনিৰ আশ্ৰম; যি গুৱাহাটীৰ বেলতলা নামেৰে স্থান ষষ্টি-সহস্ৰ-শিষ্য-পৰিবেষ্টিত মহামুনি গাল্বৱৰ অমৃত নিস্যন্দিনী বেদধ্বনিৰে প্ৰতিধ্বনিত হৈছিল; পূজনীয় গোকৰ্ণ ঋষিৰ সামবেদ গীতত যি গুৱাহাটীৰ হাজোনামক হয়গ্ৰীৱ মাধৱৰ পূণ্যভূমিৰ কৰ্ণ আপ্লুত

 

৫৭