এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪২
অসমীয়া সাহিত্যৰ চানেকি।
বাঞ্ছা।
কি দেখিলো হাঁয় হাঁয়,
এনেনো অপূৰ্ব্ব ঠাই,
নহব নাছিল আৰু এই জগতত
দেখি মন মোহগল,
প্ৰাণ সুশীতল হল,
বৰ তৃপ্তি পোৱা গল তাৰ দৰ্শনত।
জলনিধি পাৰ হই
তাৰ বাম ফালে গই,
দেখা পালোঁ এক অতি পৰ্ব্বত বিশাল।
তাৰ ওচৰতে আৰু
কত আছে সৰু সৰু,
চাপৰ পৰ্ব্বত যেন দেখিবলৈ ভাল,
নাজানো ইবোৰ তাত আছে কত কাল।
উঠি তাৰ পূব চালে
চালোঁ ময় কেউ ফালে,
দেখা পালোঁ কিছু দূৰে সাগৰৰ পানী।
শুনিবলৈ পালো কাণে,
এতিয়াও পৰে মনে,
মৃদু মৃদু সুগভীৰ বহুদূৰ ধ্বনি।
দক্ষিণত হাবিয়নি,
দেখা পালোঁ ৰিণি ৰিণি,
সৰু বৰ নানা গছ আছে আৰু তাত।
তাকে চাবলৈ বুলি
লাহে কৰি গা তুলি
নামিলোঁ পৰ্ব্বত মই তত লই গাত।