পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
অসমীয়া সাহিত্যৰ চানেকি।

দণ্ড কৰে। কিন্তু নাক কাটিব নোআৰে। আৰু টেকেলা দুলিয়া এই দুই খেলত বাজেহে পৰা খনি দণ্ড কবিব পাৰে। এই খেলৰ মানুহক গতা গৰাল, কোব, ঢকা, এনে দণ্ডহে কৰিব পাৰে। দুৰদেসাধিকাৰ কাৰণ বৰ ফুকনে হলে ডাঙ্গৰিয়া সকলৰ দৰেই ডণ্ড কৰে। চোৰক হলে কাটে; ও অস্ত্ৰৰে প্ৰাণ মৰা দণ্ড, উজনিত হলে চাউডাঙ্গে কবে, ভাটিত হলে বৰকে কৰে, ইতি।

 বৰবৰুআ ফুকন আদি ফুকন বৰুআতকৈ এই সকলৰ স্ত্ৰীৰ মৰ্জদা কিচু অধিক; এইহেতু তাকো লেখা জাই। এই সকলৰ ঘৈনীএক হঁতক সৰ্গদেৱৰ ঘৰত অমুক ফুকননি বা বৰুঅনি বোলে। ডাঙ্গৰিয়া কেইজনাৰ হলে অমুক ডা্ঙ্গৰিয়াৰ ঘৈনি বোলে। ডাঙ্গৰিয়া বোৰৰ ঘৈনি সকলৰ পহি চাঙ্গি, আৰু নগৰৰ ভিতৰলৈ যেতিয়া জাই, বৰখুন বা বদ নিবাৰনাথে সৰুদৈয়া সিয়া জাপি মুখত লৈ, উজনি খন চাউডাঙ্গৰ দুআৰে সোমাই; সেই ফালৰ চাউডাঙ্গৰ চৰাতে বহেগৈ। লগৰে বনুআ এজনীএ কলাপাত দুখন নিব পাই, তাকে পাৰি দিযে, তাতে ঘৈনি বহে। কুঅৰা বোৰৰ ঘৰলৈ গলেও সেই ক্ৰমেই পাত দিএ। তাতে বহে। বৰ বৰুআ, বৰ ফুকন, কিম্বা চৰাৰ ফুকন অথবা খেৰ বিচনি পোআ চমুআ ফুকন, এই সকলৰ বৰুআনি বা ফুকননি সকল জোআতো পৰ্হি চাঙ্গিৰেই গৈ, নগৰ সোমোআত মাটিয়ে মূৰত সিয়া জাপি লৈ, ঐ দুআৰেই সোমাই ঐ চৰতে ডাঙ্গৰিয়া সকলৰ ঘৈনি সকলৰ নাম হৈহে এখনিয়া কলাপাতত বহে। এই ক্ৰমেই চমুআ ফুকননিহতো ক্ৰমে নাম সাৰিত বহে। কুঅৰী সকলৰ ঘৰতো এই ক্ৰমেই এখনিয়া পাতত বহিবলৈ দিএ; তদিতৰ ফুকননি বৰুআনি বহাত পাত নাই। মাটিতেহে বহে। ঐ উজনিখন চাউডাঙ্গৰ দুআৰকে কালুগয়া দুআৰ্কো বোলে। লিগিৰি দুআৰো বোলে, মাটি ঘৰৰ দুআৰো বোলে। নামনি খন চাউডাঙ্গৰ দুআৰকে কমলা বৰিয়া দুআৰো বোলে। গোসাঁই ঘৰৰ দুআৰো বোলে। দোলা কাসৰিয়া চৰাৰ টুপৰ সমুখৰ খনকে ডঁৰিকা দুআৰ বোলে। নগৰৰ বাজে গৰৰ পুবৰ খনকে পানি দুআৰ বোলে; দখিনৰ খনকে বৰ দুখৰ বোলে। পচিমৰ খনকে ন দুআৰ বোলে। উতৰ ফালে দুলাৰ নাই। পিচ ফাল দেখি ঘৰ কাৰেঙ্গ বোলে। আৰু জে ঐ সিয়া জাপি লই, তাতে বানতৰ ওপৰত অনেক বৰনীয় সুতা এবং ৰুপ সোণৰ গুণাৰে বন কৰা বৰ ২ জৰু লগাই, ওপৰ টুপত পেআল মনিৰে গথা ডাল পাত লগোআ সোনৰ চলাতে গচ কবি দিএ। এই ৰুপে সোণৰ চুলাৰে সিয়া জাপিকে ডাঙ্গৰিয়া বোৰৰ ঘৈনি সকলে ও বৰ বৰুআ, ও বৰ ফুকন চৰাৰ ফুকন