পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
আসাম দেশৰ ডাঙ্গৰিয়া গন প্ৰভৃতি বিসয়াৰ নিবন্ধ।

থাকিলে ঢেকিয়াল, চোলা ধৰা, খাৰ ঘৰিয়া, ইবিলাকেও মাটিয়ে অহাত বৰ জাপি ধৰাই আহে। সদাই নোআৰে, তদিতবে মাটিয়ে অহাত বৰ জাপি ধৰাব নেপাই। আৰু তিনি বৰ ভণ্ডাৰ বৰুআৰো ঐ ঘুৰনিয়া বিচনি ও বেৰি দিয়া লাখুটি আচে; এবং ডাঁৰকা দুৱাৰৰ বাজৰ চতিটোৰ পুবৰটোৰ খুটাতে তিনিও ভৰি ধুই সোমাই গৈ। বৰ ঘৰৰ টুপলৈ জাওতে তিনি জন ডাঙ্গৰিয়া ও বৰ বৰুআ বৰ ফুকন আদি চৰাব ফুকন ও খেৰ বিচনি লোহা চমুআ ফুকন, এই সকল আৰঢৰা খনৰ পচিম মুৰে ওলাই সোমাই; তিনি জনা বৰ ভণ্ডাৰ বৰুআ গএৰহ ইতৰ ফুৰন বৰুআ ঐ ঢৰাৰ পুৰ মুৰে ওলাই সোমাই। চৰাত বৰ বৰুআ বহাত ওচৰলৈ জাব লাগিলে, চমুআ ফুকন কেই জনাই তিনিখনিয়া ঢাল কঠৰ নুৰাত বহে; এবং বৰ বৰুআৰ পানি চোআলৈ গলে চমুআ ফুকন কেই জনাক বহিবলৈ পাটি ঢৰা দিএ। তদিতৰ ফুকন বৰুআই আঠুলৈ বহে। ইতি।

 আৰু বৰ ভণ্ডাৰ বৰুআ হলেই ৰুপৰ চুলা পহি চাঙ্গি পাই, এই দুটা দ্ৰব্য লবলৈ জনাব নেলাগে; সোনৰ খাৰু ও টেমি লবলৈ জনাব লাগে। আৰু চোলা ধৰা, খাৰ ঘৰিয়া, ঢেকিয়াল এই তিনি বৰুআ হৈ থকাত হলে বৰ ভণ্ডাৰ বৰুআৰ তুল্যই। তিনি লৰি গোহাঁই ও ৰজা জোঁআইক বাজকৈ নাও সলিয়া ফুকন, তামুলি ফুকন, এই কেইজনে ৰুপৰ চুলাত বাজে বাজ দ্ৰব্যলৈ জনাব লাগে; দিলেহে লব পাৰে; খেৰ বিচনি ও এইবাপ। ইতৰ সকলে হলে ৰূপৰ চুলালৈকে জনাব লাগে। অপৰ বৰ ভণ্ডাৰ বৰুআৰ নামেৰে চমুআ ফুকন বৰুআ জন কিচুএ ভিতবলৈ জাঁওতে, বৰ ভণ্ডাৰ বৰুআই ভৰি ধোআ খুটাটোৰ পশ্চিমটো খুটাতে ভৰি ধোএ। ইতি।

 বৰ চৰাত সৰ্গদেও বহাত জি কোঠাত সৰ্গদেও বহে, সেই কোঠাব পৰা দক্ষিণ লৈ মাজত একোঠা এৰি, তাৰ ওচৰব কোঠাত চতিৰ তলতে দুই খুটাৰ মাজত পুব ফালৰ পৰা লালিকৈ বুৰা গোহাঁই, বৰ পাত্ৰ গোহাঁই, বৰ গোহাঁই, এই তিনি জনা বহে। সুদা মাটিতে আগ ফাললৈ পিকচোবা পেলাই। বৰ গোহাই ডাঙ্গৰিয়াৰ বাম কাসৰে পৰা সদিআ খোআ, সলাল, মৰঙ্গি খোৱা, এই তিনি বহে। কিন্তু কোনো সময়ত ইয়াতে বিপৰীতে হই; কোনো সময়ত গোটেইটো ঢতিৰে পুব খুটাৰে পৰা দক্ষিণ লৈ ক্ৰমে তিনটা খুটাত, বুৰা গোহাই আদি তিনি জনা বহে। তেতিয়া সেইটো চতিৰে পচিমটো খুটাৰে পৰা দখিনলৈ লালিকৈ বৰ বৰুআ আদি ফুকন ৰাজ খোআ সকল বহে। এই ক্ৰমে বহাত দাতিয়লিয়া তিন জন চৰাৰে দক্ষিণ