পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
অসমীয়া সাহিত্যৰ চানেকি।

লৈ বহে। আগত পাতত বালি দিএ, তাতে পিক চোবা পেলাই। এই ক্ৰমেই সিকেই জনা চৰাৰ ফুকনো আহি আপোন আপোন ঠায়ে ঠায়ে চৰাত বহে; কিন্তু ফুকন সকলৰ টাঙ্গন ধৰা নাই। আৰু বৰ জাপি ভিতৰলৈ নানে। জেতিয়া বৰ বৰুআ ও ফুকন সকল চাঙ্গলৈ জাব লগা হই, দোলা কাষৰিয়া চৰাৰ টুপৰ সমূখে উজনিৰ টো খুটাত ধৰি ভৰি ধুই, তামোলৰ হাচটি আপোনাৰ কঁকালতে খুচি লই, সোঁ হাতে পাখি বিচনি খনি লৈ সোমাই জাই। আৰু বাটত বৰ বৰুআ অহাত মেল খোআ গোহাই দেও সকলেৰে এবং দাতিয়লিয়া গোহাই তিন জনাৰে ভেঁটা ভেঁটি হলে, বৰ বৰুআ দোলাৰ পৰা নেনামে এবং ফুকন সকলো নে নামে; বাট এৰি দিয়া দি কৈ জাই। ৰজা দেৱৰ নিচৈ পো বা ভাই এনে মেল খোআ গোহাই দেও হলে কিছু গৌৰৱ বাহে। খেৰ বিচনি লোআ চমুআ ফুকন কেই জনাৰে ভেটা ভেটি হলে, বৰ বৰুআ বৰ ফুকনৰ আগত চমুআ ফুকন কেই জনা ঠাইতে পদূলি এটা সোমাই, তেনেই বৰ জাপিৰে ঢাকে; ই কেই জনা ফুকনৰ আগত চমুআ ফুকন সকল বাট এৰি দি আতৰি জাই। এবং দাতিয়লিয়া তিনি গোহাই ও মেল খোআ গোহাই দেও সকলৰে যদি চমুআ ফুকন ভেঁটাভেঁটি হই,দোলাৰ পৰা নামে দোলা ও কিছু কাসৰিয়া কৈ নি জাপি আৰ দিয়ে। বৰ ভণ্ডাৰ বৰুআ সকলে হলে বৰ বৰুআৰ আগত দোলা লুকাই নামি দেখা দিয়ে। মেল খোআ গোঁহাই ও দাতিয়লিয়া গোঁহাই দেও সকলৰ আগতো এয়ে ক্ৰম; চৰাৰ ফুকনৰ আগত হলে জাপি আৰ দি বাট এৰি আতৰি জাব পাই; ইতৰ ফুকন বৰুআক চাঙ্গিৰে জোআ চৰাৰ ফুকন লোকে দেখিবলৈ পাব নেপাই। ইতি।

  চমুআ ফুকন কেইজনাই ঘৰৰ পৰা অহাত আগত ৰুপৰ চুলাৰে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি, দীঘল নালেৰে ঘুৰনীয়া বিচনি, ৰুপৰ বেৰিৰে লাখুটি, ইয়াকে লৈ আহে। দোলা কাষৰিয়া চৰাৰ টুপৰ চৰাৰ ফুকনে ভৰি ধোআটো খুঁটাৰ নাম পচিম ফালৰটো খুঁটাৰ গুৰিতে লাখুটি ধুই ভিতৰলৈ জাই। সেই ভৰি ধোআৰ পিনে সেই চৰাৰ পচিম বাৰতে পানি জাপি আৰি থই, বাটত অহাত তিনি বৰ ভণ্ডাৰ বৰুআৰে ভেটা ভেটি হলে, বৰুআ একতিয়া হৈ ফুকনক বাট এৰি দিব পাই। ইতৰ ফুকন বৰুআই জাপি আৰ দি আতৰি জাব পাই; আৰু বৰ ভণ্ডাৰ বৰুআ তিনিক ইতৰ ফুকন বৰুআই দেখা দেখি হলে, এফলিয়া হৈ বাট এৰি দিব পাই। অপৰ এই চমুআ ফুকন কেইজনা জদি মাটিয়ে আহে, ওপৰত বৰ জাপি ধৰে; বৰখুন ও তান ৰদত তিনি বৰ ভণ্ডাৰ বৰুআ, এবং বৰুআ নামেৰে