স্তম্ভ নাই নিৰাধাৰে আকাশ মণ্ডল,
তাত দিব্য আসাৰ মধ্যে ঢল ঢল॥
ত্ৰিভুবণ ঈশ্বৰ নিতাদা তান্তে স্থিত,
বিপ্ৰৰূপ ধাৰী মনোহাৰী সুৰূপিত॥
তেজময় মহাশুদ্ধ অন্যৰ অদৃষ্ট,
লক্ষ্মী সৰস্বতী দুইৰ মধ্যে ভাসে হৃষ্ট॥
হেনয় দেখিয়া বিপ্ৰে দেখিয়া বিস্ময়,
মুকক সম্বুদ্ধি সিতো বচন বোলয়॥
বিপ্ৰ নিগদতি মুক আসনে বসিয়ো,
আমি সমে কিছু কাল সম্ভাসা কৰিয়ো॥
সকলো লোকৰ হিত সুধিতে তোমাত,
আসি আছোঁ মই তব নিকট সাক্ষাত॥
মুক নিগদতি মোৰ নাহি অবসৰ,
পিতৃ মাতৃ সেৱা কাৰ্য্যে নিবদ্ধতাপৰ॥
কেন মতে অৰ্চ্চা তোমাৰ অস্তিক,
যাইবোহো পৰেত্ৰে বাবো কৰি পূজাদিক॥
মোৰ এহি কাল তুমি কৰি অপেক্ষণ,
দ্বাৰ দেশে থাকা বিপ্ৰ হুয়া সন্ধুক্ষণ॥
পৰে তব আতিথ্য কৰিবো বিহিত,
হেন শুনি বিপ্ৰ ভৈল পৰম কুপিত॥
আগত আতিথ্য আৰু তাহাতে ব্ৰাহ্মণ,
হেনক ছৰিয়া কোন কাৰ্য্য অধিকন॥
ইতত কাৰ্য্যাধিক তোৰ কোন গুৰুতৰ,
কৈয়ো শীঘ্ৰে মোৰ আগে বাক্য হেতুকৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ধৰ্ম্ম পুৰাণ ৷