মুক নিগদতি বিপ্ৰ কিমৰ্থে কোপস,
নহোবক মই জান মুক বুলি কস॥
বকতেসে তোৰ কোপ ভৈলেক অতীত,
অন্য এত নাহি জান তোৰ কোপ স্থিত॥
তোৰ মান বস্ত্ৰগণ গগনে নৰয়,
নুশুখায় তথা বাস ভুমিক আসয়॥
তাঙ্ক দেখি ভৈলি তই পৰম বিষাদ,
তোৰ অনু ভৈল আকাশিক বাদ॥
সিতো বাক্য শুনি আইলা মোহোৰ গৃহক,
থাক থাক কৈবে মই তোহোৰ ধৰ্ম্মক॥
অপেক্ষা না থাকা যদি পতিব্ৰতা গেহ,
যায়ো তান্ত প্ৰশ্ন কৈয়ো তোৰ কাৰ্য্য দেহ॥
তাত পৰে চণ্ডালৰ গৃহে বাহিৰায়,
বিপ্ৰৰূপ ধাৰী বিষ্ণু বোলে সমুদায়॥
আসা বিপ্ৰ যাইবো মই পতিব্ৰতা ঘৰ,
সিতে বিপ্ৰো বিমৰ্ষনা নকৰি কাৰ্য্যৰ॥
বিপ্ৰৰূপ বিষ্ণু সমে বিপ্ৰ নৰোত্তম,
গৈলেক সাধ্বীৰ গেহ হৰ্ষেৰে পৰম॥
যাহান্তে পথত বিপ্ৰে বিষ্ণু বোলয়,
কিমৰ্থে চণ্ডাল মৰে আকাশ আশ্ৰয়॥
মহাতেজে প্ৰজ্বলিত হুয়া হৰ্ষান্বিত,
নিতান্তে থাকাস বিপ্ৰ কহিয়ো বিদিত॥
হৰিবোলে জানা বিপ্ৰ ইদানীক প্ৰতি,
ইতো প্ৰশ্ন কৰিবাক নোহে যোগ্যমতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
অসমীয়া সাহিত্যৰ চানেকি ৷