পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
অসমীয়া সাহিত্যৰ চানেকি ৷

ৰুপে আৰু এটিক ছাইলা ৰাই।
আহি হস্তী আৰু লৈলা সুধাই॥
বিংশতি মনুষ্য কুমৰী এটি।
মিলিলন্ত হৰ্ম্মেশ্বৰে ভেটি॥

ৰাজযোগ্য বটা তাহান্তক দিলা।
দেশৰ প্ৰবৃত্তি বাৰ্ত্তা পুচিলা॥
হেন বাৰ্ত্তা পাই খৈৰাম পতি।
আপুনি বৰিলা লভিয়া ভীতি॥

বণ্টা দিয়া তাঙ্ক বুলিলা বাণী।
কি লাগে মোত মাগিও জানি॥
মোহোৰ মাৰিবে প্ৰাৰ্থিলা ৰাই।
সেবিয়া থাকিবো তোমাৰ পাই॥

তাঙ্ক আজ্ঞা দিলা নৰেশ্বৰ।
সেবা কৰি গৈলা নিজ ঘৰ৷
কুশলে থাকিয়ে হুয়া নৃপতি॥
মোক জানো তোৰ নছাৰে মতি॥

এহি বুলি তাঙ্ক বিদাই দিল।
ৰাজাক সেৱিয়া দেশে চলিলা॥
পাচে চিলাৰাই জয়ন্তা পুৰে।
প্ৰবেশিলা যাই দৰ দৰে॥

জয়ন্তা ত্ৰিপুৰাৰ দুই ৰাই।
মুকুতা মালাই বৰিলা যাই॥
কুড়ি হস্তী কুড়ি মনুষ্য দিলা।
দণ্ডৱত হুয়া প্ৰণামিলা॥