পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
দৰঙ্গৰাজবংশাৱলী ৷

লাভ যে অলাভ জয় অজয়।
সম বুলি হৰি কহি আছয়॥
শীত উষ্ণ পুনু আসে যাই।
জয়াজয় দুয়ো এমন প্ৰাই॥

নহিলে অকীৰ্ত্তি কহিব জনে।
আমি নজাইবোনিকি সেইথানে॥
প্ৰথম পুলক সবে শুনিলা।
মিলিবাক প্ৰতি যুক্তি কৰিলা॥

এক চৰু সোন দিলন্ত ৰাই।
ৰূপ দুই চৰু দিল ছাই॥
ষষ্টি সংখ্যা হস্তী অনাইলা।
কুন মিন্দ বস্ত্ৰ তিমান দিলা॥

তিনিশ অসম নৰ পাঞ্চিলা।
সোন্দৰ কোৱৰকো পঠাইলা॥
ইসব সম্ভাৰে কোমৰে যায।
বৰিল ৰাজাক পৰিয় পাৱ॥

কোমৰক লগে আনিলা ৰাই।
সসৈন্যে আসিলন্ত ভাঠিয়াই॥
বিংশতি আশ্বাৰি চিলাৰাই।
লৈয়া হেৰ্ম্মেশ্বৰ দ্বাৰে যাই॥

দুই গুটি কুব মাৰিয়া গৈলা।
হেৰ্ম্মেশ্বৰ ৰাজা ভীতিক পাইলা॥
সোণেৰূপে গৰাই দুগুটি ঝাৰি।
হস্তী এটীক চাই সোনলি কৰি॥