পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দৰঙ্গৰাজবংশাৱলী ৷

অস্থিৰ টোপোলা আনি দ্বীপসিংহে দিলা।
হস্তী ঘোঁড়া গৰু পশু পক্ষী তাঙ্ক দিলা॥
তামৰ টোপোলা নিলা যিতো হেমধৰ।
বোলে নীতি প্ৰৱৰ্ত্তাইব ব্ৰাহ্মণসবৰ॥

কপাসক আনিলন্ত মেঘনাৰায়ণ।
তাঙ্ক দিলা ধোবা তাঁতী যত জোলাগণ॥
মুকুতাক আনিলা যি জন সূৰ্য্যবৰ।
তাহাঙ্ক দিলন্ত যত আছে সদাগৰ॥

কাষ্ঠৰ টোপোলা গোট জগতে আনিলা।
যত দেবালয়গণ তাঙ্ক সমৰ্পিলা॥
ভস্মৰ টোপোলা ৰূপচাঁদে আনিলন্ত।
পঞ্চশস্য আদি যত তাহাঙ্ক দিলন্ত॥

সন্ন্যাসী বৈৰাগী দুঃখী ভিখী দেশান্তৰী।
তাসক পূজা কৰিলিহি আজি ধৰি॥
এহি মতে ভাগে ভাগে আজ্ঞা কৰিলন্ত।
মল্ল শুক্ল দুইকো পঢ়িবাক পঠাইলন্ত॥

পিতৃৰ চৰণ দুই ভাই বন্দিলন্ত।
পঢ়িবাক লাগি বাৰাণসীক গৈলন্ত॥
ব্ৰহ্মানন্দ সন্যাসীক পাইলা দৰিশন।
সেহি স্থানে পঢ়িয়া ৰহিলা দুইজন॥

সন্যাসীও দায়া কৰি দুহাঙ্কো ৰাখিলা।
গুৰুৰ বচনে দুয়ো শাস্ত্ৰ অভ্যাসিলা॥
ব্যাকৰ্ণ পুৰাণ শ্ৰুতি স্মৃতি মীমাংসাৰ।
শিকিলন্ত অস্ত্ৰশাস্ত্ৰ অথৰ্ব্ব বেদৰ॥