সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
অসমীয়া সাহিত্যৰ চানেকি।

গুজৰিছিলনে সভ্যতাৰ গপে,
এতিয়াৰ দৰে খলক কৰি?
সি জাতি আছিলনে শিল্প নৈপুণ্যত।
ইহঁতৰ দৰে বৰ অহঙ্কাৰী?
ইয়াৰ উত্তৰ কাক সুধি পাওঁ?
কবানেহে তুমি হে ভৈৰবী আই?
ইহেন মন্দিৰ কোনে বিনাশিলে,
এই পৰ্ব্বতৰ গৌৰবকো হায়!
কোনে সাজিছিলে নামো তাৰ নাই,
নিৰদয় কাল হায় কি কঠিন!
আশাৰ প্ৰতিমা পুৰণি জাতিৰ
নেৰাখিলা হায় অলপো চিন।
কোৱাঁ শুনো কাল কোৱাঁ ৰিঙ্গিয়াই,
মনলৈ আনোহোঁ বিশ্বাস মাতি।
সভ্য বলৱন্ত পূৰ্ব্ব পিতৃ-হঁত
আছিল সিদিনা ধৰণীৰ খ্যাতি।
শুনা কাণপাতি ভ্ৰষ্ট আৰ্য্যগণ।
বতাহ মাতত আকাশী বাণী,
চাৰিওপিনে শুনোঁ বোলে হয় হয়।
দুপিয়াই সলাগে গছৰ ঠালি।
চিঞৰি কান্দিছে শুনা ব্ৰহ্মপুত্ৰে,
শিলনি ডৰাত নিৰলে বহি,
বিলাপে ই নদে যেই দিন পৰা
আৰ্য্যৰ গৌৰব পৰিল খহি।
শুনি ই বিলাপ কুৰুৱাই কান্দিছে,
পানীৰ কাষৰ গছত পৰি,
মনৰ দুখেৰে, হৃদয়-বিদাৰী
আৰ্য্যৰ কাহিনী স্মৰণ কৰি।
হে মহাভৈৰব বিষাদে মলিন,
এই দেৱালয় ভগন কিয়?