পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
পাহৰণি

উষাৰ পূজিত, তুমি ইষ্টদেৱ,
আছিলা এদিন কুৱঁৰী প্ৰিয।
কোৱাঁ দেৱ কোৱাঁ সুধিছোঁ এবাৰ
সুন্দৰী উষাৰ নগৰনে ই?
শ্ৰদ্ধা ভকতিৰে তোমাক পূজিছিলে
সদায যতনে বানৰ জীযৰি।
কি কুটিল গতি নিষ্ঠৰ কালৰ।
আজি উষা কত দেৱ পশুপতি?
লাজ নাইকিয়া আছা তুমি কিয
লভি অপমান ইহেন দুৰ্গতি?
কেনে ৰম্যপুৰ আছিল মন্দিৰ
বেষ্টিত চৌপাশে সুন্দৰ প্ৰাচীৰ,
আজি ভগা চিনে দেখায সবাক
শত্ৰু ইতিকিং—বেৰ ৰেখাটিৰ।
শত কাঁহ ঘণ্টা বাদ্য বাজিছিল॥
আইটা উষাৰ পূজাৰ বেলি,
শত ঢাক ঢোল শঙ্খ পাঞ্চজন্য
বাজিছিলে আৰু মহৰি কালি।
সোণালি পাটিত বহি সেই দিনা
পূজিছিলে তযু চৰণতল।
বেষ্টিত চৌদিকে ৰূপৱতী সখী,
পদ্মিনীক যেনে হংসিনী মণ্ডল।
কিন্তু আজি দেৱ তোমাৰ দুৰ্গতি
দেখিলে বিদৰে বিষাদে হিয়া।
কত আছে উষা, কত বাণ-ৰজা,
কাৰো ঘৰ বাৰি চিনো নাইকিযা।
নাহিক বুৰঞ্জী কিহত বিচাৰি,
গাওঁ যশ গান প্ৰতাপী ৰজাৰ।
যাৰ অহঙ্কাৰৰ পঢ়ো ইতিহাস,
আপোন গৌৰবো পৰ অধিকাৰ!

৪৪