পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৮
অসমীয়া সাহিত্যৰ চানেকি।

এই দেশ খান প্ৰকৃতি যোগান
 যিহকে বিচৰা তাকেই পায়,
সোণ, ৰূপ, লোহ  যাকে লাগে বোলা
 বিচাৰিব জানিলে অভাৱ নাই।
এই দেশ খান  যোগ্যবান নৰ
 জন্মিলে হল হয় সৌভাগ্যে ভৰা,
এই দেশ খান  পৰিশ্ৰমী জন
 থাকিলে হল হয় সোণৰ ধৰা।
এই দেশ খান বিধাতা নিৰ্ম্মাণ
 কৰিছে চৌদিকে নৈয়েৰে ভৰা,
ব্ৰহ্মপুল খান আছে ধাৱমান
 সাগৰ পৰ্য্যন্ত হিমাদ্ৰি পৰা।
কতেক বিদেশী  ধনৰ লালসী
 আহি দিন দিন কৰিছে বেপাৰ;
সৰিয়হ, চাহ এৰি, মুগা, মাহ,
 ৰবৰ, কপাহ বেপাৰৰ সাৰ,
ভৰাই দিনে দিনে  দেখোঁ ভাটি পিনে
 নিছে বিদেশীয়ে সোণৰ ভঁৰাল।
হেজাৰ বিদেশী  অসমত আসি
 নিয়াইছে পৰম সুখেৰে কাল।
গাঁৱে কি নগৰে মাৰোৱাৰী নৰে
 কৰে পকা ঘৰ শুৱনি কেনে।
আনি ঘটি এটি পকা ঘৰ ভেটী
 কৰে আসামত কাৰণো ধনে?
কত পালে ধন কিহৰ কাৰণ
 কৰিছে অসম বাসীক ধৰুৱা!
কত পালে ধন কিহৰ কাৰণ
 গায় আসামত হেতা ওপৰা!
কোনে দিলে ধন কিহৰ কাৰণ
 কেৰু, মণি আদি আভৰণ,