পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুণিমাৰ ৰাতিলৈ চাই।

জোনাক ৰাতিটী    ৰূপহী হাহিটী

  শুৱায় জগত কিনো বিতোপন,

নিচুক জগত    নিদ্ৰাৰ কোলাত

  কোনে মন্ত্ৰ মাতি হৰিলে চেতন?

এনেনো গভীৰ    ৰজণীত মোৰ

  কি কাৰণে আজি টোপনি নাই,

নিদিলে আশ্ৰয়    আজি কিয় হায়!

  শান্তি কোলা পাতি মোহিণী নিদ্ৰায়?

আজি কিয় মন    অথিৰ সঘন

  কিনো চিন্তাবোৰ আনিলা মাতি,

নেযাও টোপনি    নাহেও টোপনি

  জন্ম ভূমি দুখে দুখী মন অতি।

পূৰ্ণিমা জোনটি   ৰূপহী হাহিটী

  এৰি, হাত যেৰোঁ কৰা পলায়ন।

তোমাৰ কিৰণ    নকৰে শোভন

  দুৰ্ভগা অসম পাপৰ বদন।

লুকুৱা বদন   অন্ধকাৰ যেন

  আহি গৰাসোক অসম ধৰ।

ই দুটি নয়নে    যেন চাৰিপিনে

  নেদেখো অসম এলাহত মৰা।

মেলি চিন্তা চকু    জগতক দেখে

  কেনে উলাহিছে সবাও জাতি

নাচিছে ইংলণ্ড    প্ৰতাপী প্ৰচণ্ড,

  ধনী মানী জ্ঞানী চতুৰ অতি।