পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
অসমীয়া সাহিত্যৰ চানেকি।

দেশৰ শিক্ষিতবিলাকৰ, সেই দেশৰ ভালৰ আশা কত? পিতা-মাতাৰ স্বভাৱ- চৰিত্ৰক সন্তানবিলাকে অনুকৰণ কৰে। স্বভাৱ অভ্যাসৰ বশ। ভণ্ডামী বা কপটাচাৰে ভবিষ্যৎ বংশক ভাল বাটলৈ নিব নে? বৰ্তমান সমাজৰ ভয়ানক বিপ্লৱ উপস্থিত। আগৰ মনু, পৰাশৰ, আদি মুনি ঋষিৰ মত ধৰি চলিলেও জাতিভ্ৰষ্ট হোৱা যায়, বৰ্তমানৰ লাগতিয়ালবিলাক ধৰি চলিলেও কুল যায়, মাজতে ধনী মেধি আৰু মণি বায়নৰ পোন্ধত ধৰি তলং ভটংকৈ ওপঙ্গি ফুৰা, তেতিয়া হলে তোমাৰ জাত থাকিব।