পৰিমানে সোমোৱা দেখা গৈছে, সি ধৰ্ম্ম শিক্ষক গুৰুবিলাকৰ অনবৰত নিঃস্বাৰ্থ চেষ্টাৰ দ্বাৰাইহে। এই বাবে ধৰ্ম্ম উপদেশ দি ফুৰা প্ৰচাৰক বিলাকক জাতিৰ প্ৰদীপ বুলিব পাৰি। এই ধৰ্ম্ম উপদেষ্টা গুৰুবিলাকেই জাতীয় জীৱনৰ শিৰৰ মুকুট। এওঁবিলাক সাত্বিক ভাবৰ মানুহ হব লাগে, আৰু পণ্ডিত হব লাগে। জগতৰ স্বাৰ্থই এওঁলোকৰ নিজৰ স্বাৰ্থ; আৰু আনৰ মঙ্গল সধাই এওঁলোকৰ জীৱনৰ উদ্দেশ্য। হায়! হায়! অসমৰ গোঁসাই-মহন্ত-সকললৈ মন কৰিলে বৰ শোকে ধৰে। জ্ঞান উপদেশ দিয়া গুৰুবিলাক নিজে দহ গুণ জ্ঞানী হৈহে আনক এগুণ জ্ঞান শিক্ষা দিব পাৰে। আমাৰ অসম দেশৰ গোঁসাই-মহন্ত সকলৰ পেটত জ্ঞান-বহ্নি এনেহে প্ৰজ্বলিত হৈ আছে, যে সি কেতিয়াবা ওলাই পৃথিবী পুৰি ভসম কৰে বুলি বৰ ভয়ে ধৰে। আৰু এওঁলোক এনেহে বিদ্যাত পাৰ্গত, যে কেতিয়াবা এওলোকে সৈতে সাক্ষাত হলে বাদ-তৰ্কত হাৰোঁ বুলি, বহুদিন হল, আই সৰস্বতীয়ে অসম দেশ এৰি পলাই পত্ৰং মাৰিলে! এনে মহাবিদ্বান, মহাজ্ঞানী মহন্ত, গো বা বেদস্বামী গোঁসাইবিলাকৰ অসমীয়া মানুহ শিষ্য! এই জাতি পৃথিবীত জ্ঞানত পাৰ্গত নহৈ আৰু এই জাতিয়ে পৃথিবীত উন্নতি সাধন নকৰি কোন জাতিয়ে কৰিব? এই গোঁসাই-মহন্তবিলাকৰ সামাজিক ক্ষমতা অসীম। এওঁবিলাকে যি বিধি-বিধান দিব তাত অমান্তি হবৰ সাধ্য কাৰ? তুমি পঢ়ি-শুনি হেজাৰ জনা হোৱা, এই গোঁসাই-মহন্ত সকলক দায় নধৰিবা। এওঁবিলাকে যিহকে কৰিবলৈ কব, তাকে কৰিবা। টগৰ বগৰ কৰিলে কেনেবাকৈ তোমাৰ ‘জাত গল’ বা ‘বঙ্গাল হল বুলিলেই আৰু তোমাৰ ফালে সাং। আজি কালি শিক্ষিত ডেকাসকলৰ ভয়ানক বিপদ। তেওঁলোকে জ্ঞান লাভ কৰি সমাজৰ নেতৃত্ব ভাৰ হাতত লৈ সমাজ চলাওক থাওক পৰি, ধনী মেধি, মণি বায়ন, আৰু শুকুৰা গাওঁ বুঢ়াৰ ভয়ত কঁপি থাকিব লগীয়াত পৰে। যি দেশৰ ধনী মেধি, মণি বায়নৰ নিচিনা মুখ লোকবিলাকৰ হাতত সমাজৰ নেতৃত্ব—ভাৰ, সেই দেশৰ উন্নতিৰ আশা বহুত দূৰত। যি দেশৰ “ক” ফলাৰে সৈতে চিনাকি নথকা ভোকোন্দ মহন্তই কৰা বিধানেই বিধান, তেনে দেশ অজ্ঞানতা অন্ধকাৰত পৰি নেথাকি আৰু কোন দেশ থাকিব?
আজিকালি শিক্ষিত ডেকা বিলাকৰ ভিতৰত এটি নতুন ধৰ্ম্ম সোমাইছে, তাৰ নাম,— কপটাচাৰ বা ভণ্ডামী। ই দিনে দিনে এনেহে প্ৰৱল হৈ উঠিছে, যে বিবেক বুলি এটা শক্তি যে ঈশ্বৰে মানুহক দিছে, তাৰ যিমান দূৰ অপব্যৱহাৰ হব লগীয়া সিমান হৈছে। শিক্ষিত সকলে জানিব পাৰিছে, যে তেওঁলোকৰ গুৰু