পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
অসমৰ উন্নতি।

অৰ্থাৎ গোঁসাই মহন্ত সকল কিমান জ্ঞানী । অথচ কাপুৰুষৰ দৰে সৎ সাহস লুকাই ৰাখি ধনী মেধি আৰু মণি বায়নৰ নিচিনা মানুহৰ সমাজৰ পৰা চ্যুত হবৰ ভয়ত এই গোঁসাইবিলাকত শৰণ লয়। তোমাৰ বিশ্বাসে কৰিবলৈ কব এটা, তুমি কৰিবা এটা, ই পাপ নহয় নে? দেশৰ আশা ভৰসা সকলো শিক্ষিতবিলাকৰ ওপৰতেই নিৰ্ভৰ কৰে; তেওঁলোকে সৎসাহসৰ আৰ্হি দেখুৱাই সমাজ সংস্কাৰ কৰা থাওক পৰি, শিক্ষা, বিদ্যা, জ্ঞান, বিশ্বাস, সোপাকে পুৰি খাই কপটাচাৰী হৈ ঘূৰি মণি বায়ন ধনী মেধিৰ মততে মত দিয়ে, অথচ তাক বেয়া বুলি মনে মনে জানেও। প্ৰায় অধিকাংশ কৃতবিদ্য শিক্ষিত ডেকা সকলৰ মুখে আজি কালি এনেহে শুনো, যে “দেখুৱাই কৰা ভাল নহয়, এতিয়া দিন হোৱা নাই, দেখাদেখিকৈ কৰিবলৈ হলে সমাজ সংস্কাৰ কৰিব নোৱাৰি; কাৰণ সমাজে ভয় খাই আমাৰ ওচৰ নচপা হব!” কপটাচাৰ বা ভণ্ডামীৰ দ্বাৰাই কোন দেশৰ কোন সমাজ কেতিয়া সংস্কাৰ কৰা হৈছে? পৃথিৱীৰ পুৰণি ইতিহাস পাত পাতকৈ মেলি চালে কপটাচাৰী বা ভণ্ড কোনো শুধাৰকে কোনো জাতিৰ কোনো সমাজক শোধন কৰিছে বুলি প্ৰমাণ পোৱা নেযায়। সামাজিক নিয়ম একেদৰে কেতিয়াও থাকিব নোৱাৰে। সময়ৰ সুবিধা অসুবিধা দেখি মানুহেই মানুহৰ উপকাৰৰ নিমিত্তে আগৰ আচাৰ ব্যৱহাৰ সলাই নকৈ নিয়ম কৰে। যেই সেই নিয়ম বা কাৰ্য আগতে শিক্ষিত জ্ঞানীবিলাকে কৰি দেখুৱাই চহা মানুহবিলাকলৈ বাট মোকোলাই দিয়ে; পিছে চহাবিলাকে তাৰ অনুসৰণ কৰে, এই কথা প্ৰমাণ-সিদ্ধ। ধনী মেধি আৰু মণি বায়নে উপকাৰ অপকাৰৰ কি বুজ পায়; আগৰ যিটোক পাইছে সেইটোকেই খামোচ মাৰি ধৰি আছে। কোনোটো নিয়ম বদলি কৰিলে তাৰ উপকাৰ যেতিয়া ধনী মেধি আৰু মণি বায়নে দেখা পাব, তেতিয়া তুমি কবই নেলাগে, সিহঁতে আপোন আপুনি শিক্ষিত বিলাকৰ পিছ ধৰিবই ধৰিব।

 মানুহে, বেয়া হলেও, আগৰ প্ৰথা এৰি নতুনটিক সতকায় লব নোখোজে; কিন্তু যেতিয়া জনা বুজা লোক বিলাকে কষ্ট সহ্য কৰিও নতুন প্ৰথা মতে কাৰ্য্য কৰি দেখুৱাই, তেতিয়া লাহে লাহে এটি দুটিকৈ তাত সিহঁত লগ লাগি সমাজবদ্ধ হৈ পৰে। বাধা-বিঘিনিলৈ ভয় কৰি শিক্ষিত ডেকাবিলাকৰ মুখত লবলৈ হৈছে, —দেখাই কৰিলে সমাজে ভয় খাই ওচৰ নেচাপে। কপটাচাৰ বা ভণ্ডামী ৰক্ষা কৰি চলিব পাৰিলে দুই কুল ৰক্ষা পৰে, অৰ্থাৎ দুফালৰ দুটা ভাগ খাব পাৰি, ইও এটি ভণ্ড হোৱাৰ প্ৰধান কাৰণ। বিশ্বাস, বিবেকক ভৰিৰে ঠেলি পেলাই, যেনে তেনেকৈ খাই-বই সুখেৰে থাকিব পাৰিলেই হল, এনে বিলাক ধাৰণা যি