কলঙ্ক ভঞ্জন। ২৮৯ তেতিয়া কুম্ভত পাণী ভৰি, কাৰত ললাক ৰাই কিশোৰী, | নিৰখী তলৰ দেখি চাৱে। নপৰে আৰ তল বই, | মনে আনন্দিত হই, সখী গিলাকক দেখিআয়ে। তেতিয়া— আনন্দে মগনা সঙ্গিনী গিল। শ্ৰীৰাধাৰ জয জকাৰ গিলা, পাছে পাছে নাচি পৰিছে ঢলি। আউল জাউল বসন চুলী। আনন্দ থবাৰ নাপেই থল। অলে চাৱে গাউৰ তিৰি সকল। ৰাধে বোলে সখী গিলা, কিয় মোৰ জয় বোলা, সক্লে বোলা মোৰ হৰিৰ জয। যাৰ হন্তে হল জয়, তাৰে বোল জয় জয়, যাৰ গুণে জয় জয বিজয়। যাৰ গুণে মৃত্যুঞ্জয়, মৃত্যুক কৰিছে জয়, ধনঞ্জয় যাৰ গুণে জয়। ত্ৰিকালজ্ঞ ত্ৰীসঞ্জয়, যাৰ গুণতে অজয়, | দুৰ্জ্জয় দুৰ্যোধন পৰাজয়। এই মতে কৈ বুলি, নন্দৰ ঘৰক গেল বুলি, কুম্ভ কাখৰ পেৰে কাৰত থই। অঝাৰ কাখোত থৈ পাণী, কৰি ৰাধে যোব পানি, | চক্ৰপানিৰ মাকক বলে যাই। তেতিয়া-বোলে নন্দ ৰাণী, ই বাপা নে পানী, জীয়েদে মোৰ নীলমণি।। শুনি অঝদেউ, | বোলে অতো দেউ, এই বুলি ললাক পানী। গাৱত দিলাক ছিটে, | গোপাল তেতিয়াই উঠে, | আঙা মুৰি হামি কাঢ়ি।। দেখি যশোমতি, | আনন্দিতা অতি, ললাক আহি কোলাত কৰি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০৯
অৱয়ব