নন্দক বোলে বৈদ্যদেউ, পয়ান আনা দাৰুদেঁও,
নীল পহুৰ লাগে এটী মাথা।
তাৰে ৰহ আৰু এটু বড়ী, খুওয়ে দিবা মাত্ৰকে হৰি
উঠি বহিব মিছা নুবুলু কথা॥
হে সময় নাৰদ কৱে, চিনু ময় গৰেনা কাৱে,
কিয় সুধায় ঘুৰুৱা অঝাৰ পুতাক।
তোমাৰ মূল কথাটুৰ দিহাকবা, নীল পহুৰ মুৰা এৰা,
কন্দুৱা কিয় বুড়া বুড়ী দুটীক।
তেতিয়া হাসি বোলে অঝাৰ বেটা, নতুন কলহ লাগে এটা,
হাজাৰ ফুটা কলহটোত কৰি।
আনিব লাগিব পানী ভৰে, বাদুৱা তিৰি গিলাকে নৰে,
আনিবা পাৰি ভাল শান্তিনাৰী॥
অঝাৰ মুখৰ আলাল বাণী, তেতিয়াই কল দিলাক আনি,
হাজাৰ ফুটা কৰি কলহত।
চাৰি দণ্ডমান পলম হৱে, এওঁৰ দেখি তেওঁ চাৱে,
সাহ কৰি নলৈ কাৱে হাতত॥
ৰাধাৰ নন্দাক জটিলা ধনী, বোলে ময় আনিবা সাউ পানী,
কুনি শান্তি গাছে ইটু গাউত।
ময় আছু আৰ অছে আই, তাৰ গটায় বাদুৱেনী মাই,
বাদৰ মালা আলেছি আপোন গাউত॥
আই সকলৰ নাই গুণৰ অন্ত, মাহে মাহে ঠগী ভাঙন্ত,
মেলকি বাপুসকল থুপ্ৰি হই।
তেও আপোনাৰ স্বভাব নেৰে, বাপকৰ পতিত শ্ৰাদ্ধৰ দৰে,
বছৰৰ ভিতৰত নুতুল্লি নহই॥
জটিলা এনায় কে বুলি কাখত কলহ ললাক তুলি,
যমুনাত যাই ভৰালাক পানী।
তুলি চাৱে নৰৈ মুঠে, মুখ সুখে আয়াৰ ধূলা উঠে,
ভাবে কিয়ো মধিবা আহিলো দোনি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
অসমীয়া সাহিত্যৰ চানেকি।