এই কথা বৃন্দাক বুলি, নন্দৰ ঘৰক গেল বুলি
অঝা আহিল আহিল বুলি।
সকলে কৰে বোলাবুলি, যশোদা শুনিয়া বুলি,
বাটোক আহিল বুলি বুলি॥
অঝাক দেখি কৃষ্ণ বুলি, কলাত নিবা খুজে তুলি
বোলে বাপা বনমালা।
ইখনি পৰ কিয় কন্দুৱালি, চত্লোত যি পৰি আছিলি,
সপোন দেখিলোনাকি কলি॥
অঝা বোলে আই মই নুই তোমাৰ ছলি।
তোমাৰ ছলিক ভাল কৰি যাম ময় ঢলি॥
হৰি অঝা নাউ মোৰ ফুৰো ৰোগ হৰি॥
পুৰুষাৰ্থ কৰি চাউ চলা আই, কিনু কৰে হৰি।
কান্দি কহে যশোমতি, মোৰ ছলি বত্তে যদি,
পৰ্ব্বত সমান দিম সোণ।
অঝা বাপ শুনা শুনা, মোৰ ছলি যি সোণা,
তাৰ কাষত কি লাগে ৰূপা সোণা॥
পূজা কৰি সৰাসনা, বহুকৰি উপাসনা,
কলা সোণা পুত্ৰ পাইছিলো।
কি মোৰ কৰ্ম্ম বাখনা, আচুলত বন্ধা সোণা,
সেই সোণা কোত ফেলে দিলো॥
আৰ কুনি ‘আই’ বুলি মাৎব, কুনি চাম্নি খাবা খুজব,
ময় আৰ কাৰ হাতত বান্ধিম।
হাতত আজাৰ পাই, কুনি কান্দিব মুখ চাই,
অঝা বাপা সেই মুখ কি আৰ দেখিম॥
তেতিয়া অঝা দেউনু কি কৈল্যাক—
শান্ত কৰি যশোদাক, নন্দক কান্দিব দিলাক হাক,
বিচাৰ কৰি সভাক অবাক কৰি।
নৰিয়াৰ গাত দি হাত, বোলে হৈছি সন্নিপাত,
এইবুলি সভাত বহিল হৰি॥
৩৬