পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অসমীয়া সাহিত্যৰ চানেকি ৷

গণনাতো গণি ভাল ভাল ভৃত্য যত।
বিষয়া পাতিৰে লৈলা সভাৰ মধ্যত॥
বিংশতি পাইকৰ অধিকাৰী ঠাকুৰীয়া।
শতেকৰ অধিপতি পাতি শইকীয়া

সহস্ৰৰ অধীকাৰি পাতিলা হাজাৰী।
উম্‌ৰাও তিনি হাজাৰৰ অধিকাৰী॥
বাইশ উম্‌ৰাৰ পতি নবাব পাতিলা।
এহিমতে ভাগে ভাগে আদেশ কৰিলা॥

বৃদ্ধ বালকক এৰি যুযত যতেক।
ভাগে ভাগে গণি গণি বুজিলা প্ৰত্যেক॥
বাৱম্ন যে লক্ষ সৈন্য পঞ্চিশ হাজাৰ।
সমূহে লেখিলে সৈন্য অসংখ্য অপাৰ॥

হস্তী ঘোঁড়া গৰ্দ্ধত মহিষ উট যত।
অসংখ্য আছয় তাৰ লেখা কৈবোঁ কত॥
এহি মতে সৈন্যগণ কৰি নিৱন্ধন।
অসমক মাৰিবাক কৰিলন্ত মন॥

শুনা মন্ত্ৰীসব মোৰ আদেশক ধৰাঁ।
গজ বাজি সৈন্য সব শীঘ্ৰে সাজ কৰাঁ॥
নৃপতিৰ শুনি হেন প্ৰচণ্ড বচন।
অস্ত্ৰে শস্ত্ৰে সৈন্যসব সাজিলা তেখন॥ ২০০॥

হস্তী ঘোঁড়া আদি যত যুদ্ধৰ সম্ভাৰ।
উট বলধিত লৈয়া খৰচ অপাৰ॥
সৈন্যসব সঙ্গে লৈয়া পাচে নৰেশ্বৰ।
গড়গাওঁ মাৰিবাক চলিলা সত্ত্বৰ॥