অধৰ্ম্মত মতি নাই ধৰ্ম্ম ব্যতিৰেকে।
ৰাজ্য লুটিবাক প্ৰতি বাধা কৰিলেকে॥
আপোনাৰ খৰচ আনিছে যত যত।
তাকেসে ভুঞ্জোক সবে মোহোৰ সম্মত॥
এহি বুলি চলি যান্ত শিৱব কুমৰ।
ত্ৰিদশ সহিতে যেন দেৱ পুৰন্দৰ॥
অসংখ্য কটক সৈন্য লেখা জোখা নাই।
সৈন্যৰ হিঙ্গনি পান্থ ধূলি উৰি যাই॥
কতো দিন যান্তে পাইলা গাওঁৰ সমুখ।
ধুকাইল খৰচ ভৈল সমস্তৰে দুখ॥
মনে মনে গুণে পাচে শিৱৰ তনয়।
ৰাজ্য লুটিবাক দিলে অধৰ্ম্ম হৱয়॥
নেদিলেও মৰে দেখো মোৰ সৈন্যগণ।
মন্ত্ৰীক সম্বুদ্ধি ৰাজা বুলিলা বচন॥
শুনা মন্ত্ৰীসব মোৰ বিশেষ উপাই।
ধৰ্ম্ম বিনে মোৰ অধৰ্ম্মত মতি নাই॥
নকৰোহোঁ ৰণ ফিৰি বেহাৰক যাওঁ।
অধিক খৰচ আনি লেঢ়াই লগাওঁ॥
অসমক মাৰিয়া কৰিবো বুন্দামাৰ।
শুণি মন্ত্ৰীগণে প্ৰশংসিলা বাৰম্বাৰ॥
এহি হৌক বুলি সবে পাঙ্গাত আসিলা।
কান্ত নামে নগৰত আনন্দে ৰহিলা॥
নগৰ প্ৰকাশে যেন কৈলাস সমান।
দক্ষিণ পশ্চিম পূব দ্বাৰ তিনি খান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
দৰঙ্গৰাজবংশাৱলী৷