পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
অসমীয়া সাহিত্যৰ চানেকি।

কাহ তলিৰ লুম দুইকছা, তাপ্ল্যা দুটাত পড়িয়াছে,
দেখা যাই চঁৱাৰোৰ দৰে।
আহিবা ধৰিলাক সেই গোকুলে, আপনাৰ মনোক আপুনি বুলে,
চলা মন কৃষ্ণ দেখিবাৰে॥
এৰা মন অন্য বন, সদায় বোলা নাৰায়ণ,
দিনে দিনে গোটাই দিন গেলহে।
দিন থাকাতে এই বেলা, এড়ি ভাই অন্য খেলা,
ভৰ সাগৰ তৰিবাৰ কৰা ভেলহে॥
ইতাও আছে দিবাকৰ, হৰি ধন থুপ্ৰিকৰ,
টানি আজুৰি নানাহ যদি ঘৰোত।
যেতিয়া যাৰ জীৱন দিবাকৰ, কি ধন লই দিবাকৰ,
দিবাকৰ সুতে ধৰিলি কৰোত॥
হেৰে মোৰ জাঁউ লাউ বীণা, কাঠে আৰ লাউ বিনা,
তই বীণাৰ জনম হওৱা নাই হে।
থাকিবা নৰু তোক বিনা, তই মোক এৰি বীণা,
নিদান কাল দেখি হেৰে ভাই হে॥
যি কৰিছু মই নবীনে, ইতা ভাই প্ৰবীনে,
কৃষ্ণ বিনে আৰ গতি নাই হে।
যি বস্তু মিলে টাকা বিনা, লগোত যাবো সেই দিনা,
তাকে মাত বিনায় বিনায় হে॥
হেৰে হেৰে মোৰ জিবা, তোকনু নুখুৱালু কিবা,
তিনিশত ষাঠী দিবা ভোজা।
ইতা মোৰ গেছি দিবা, তাৰ ধাৰ সুজিবা
লাগে ইতা সুজা কি নুসুজা॥
তোৰ হন্তে ধাৰ কৰিছু, তোৰ হন্তে ঘুৰি ফুৰিছু,
তোৰ হন্তে বোঝা বই মৰিছু।
তোৰ হন্তে লাজ এৰি, ঘুৰি ফুৰিছু চন বাড়ী,
কেইটী বাঘৰ হাতোত মুই পড়িছু॥