পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
অসমীয়া সাহিত্যৰ চানেকি।

এই বুলি বলৰামোক কলাত তুলি নিলাক নন্দ।
বলৰাম বোলে তাৱৈ অচেতন ভাই গোবিন্দ॥
মুৰ্চ্ছাগত দেখি গোপাল, ভূমিত পড়ি নন্দ ভূপাল,
ঠৰপৰি কান্দে হুক হুক।
বোলে এই গিৰি খাইতি তিৰী, ফেলছি মোৰ বাপাক মাৰি,
পানীকখলিত কি বুকেত মাৰি ভুক॥
অল্পমান গাখিৰোৰ হন্তে, বান্ধিছিল বাপাক দুই হাতে,
ফেকুৰী ফেকুৰী কান্দি আছিল বাটোত।
কাটা সুমেছিল জৰি, তেওঁ দিয়া নাছিল এড়ি,
দমোন দিন চিন আছিল হাতোত॥
আজিও কিবা দোহ কৰিছিল, গাখিৰ কি মিঠে খাইছিল,
সেই পাকি মোৰ বাপিক ফেলছি মাৰি।
এই বুলি টকন লোই, যশোদাক মাৰিবা যাই,
ৰাণী বোলে যোড হত কৰি॥

যেনায় মৰা পহুক খাপাৰোৰ হান, মৰা গৰু বামুনোক দান,
মৰা গাছোত পানী ঢালা যেনায়, মৰা মানুহোক গালিপাৰা।
মৰা সাপোক কুবে মাৰা, আজি আমাক মাৰাও তেনায়।
আক তিৰী বোলে আতা হৈছেহে এনায়।
শুধায় আবুক দোহদেহ কাৱে মৰা নাই॥
তেতিয়া সচা ভাবি নন্দ ৰাজা আনিবা ধৰিলাক অ্ঝ।
আনে নকুল সহদেবোক আৰ কাশী ৰাজাঅ॥
দিবোদাস ধন্বন্তৰী বাভোট হাৰিত।
বঙ্গদেশোৰ গঙ্গাধৰ ঈশ্বৰ পণ্ডিত॥
কামৰূপোৰ দখিণ কুলীয়া অঝা মহিপাল।
মানিক পুৰোৰ ৰাতিয়া অঝা দেৱ খেদাত ভাল॥
আহিল ঝপোৰা অঝা লেখ কোৰ বিৰে।
এনায় কেটটী অঝা আহিল কুনিনাউ কৱে॥
কাৱে দেই তিৰ্পোখিৰ ভৰণ কাৱে লেঙ্গোৰ বোড়
বহ্ণি পাৰি কাৱে দাৰু বাটে থৰাথৰী॥